নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ এটা ৰাতিৰ ভিতৰতে ৰাজ্যজুৰি ৪১৫ টা দালাল গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ ৰাজ্যৰ প্রতিটো ৰাজহ চক্র বিষয়াৰ কার্যালয় অথবা জিলা উপায়ুক্তৰ কার্যালয়ত মাটিৰ একাংশ দালালে বিভিন্ন অজুহাতেৰে ভূমিৰ গৰাকীক হাৰাশাস্তি কৰাৰ অভিযোগ দীর্ঘদিনীয়া৷ কার্যতঃ দালাল অবিহনে মাটিৰ কোনো কাম–কাজ আগনাবাঢ়ে বুলি সাধাৰণ ৰাইজে বহু দিনৰে পৰাই এক ধাৰণা কৰি লৈছে৷ কিন্তু কিছুদিন পূৰ্বে দালাল চক্রৰ এনে দপদপনি উৎখাত কৰাৰ হুংকাৰ দিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। তাৰেই পৰিপ্ৰেক্ষিতত সোমবাৰে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এদিনতে ৪১৫ টা দালালক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অভিযান চলাই দালালৰ লগতে ৰাজহ চক্ৰ বিভাগত কৰ্মৰত কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

গুৱাহাটী মহানগৰীত ২২ টা আৰু কামৰূপ মহানগৰৰ পৰা ৫২ দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আনহাতে ওদালগুৰিত ৫ টা, লখিমপুৰত ১৩ টা, ধুবুৰীত ২০টা, বঙাইগাঁৱত ১০টা, গোলাঘাটত ১২টা, কৰিমগঞ্জত ১৫টা, হোজাইত ১৯ টা, ডিব্ৰুগড়ত ১৬টা, কাৰ্বি-আংলঙত ৩টা, যোৰহাটত টা, শদিয়াত ৩ টা, নলবাৰীত ৩১ টা, তিনিচুকীয়াত ১টা, বিশ্বনাথত ২২টা, শোণিতপুৰত ৭টা, কোকৰাঝাৰত ২২টা, বৰপেটাত ৩৭ টা, গোৱালপাৰাত ৬টা, মৰিগাঁৱত ২৭ টা, নগাঁৱত ১৬টা, হাইলাকন্দিত ১২ টা, কাছাৰত ৪টা, শিৱসাগৰত ৩টা, বজালীত ১৭ টা দালালক গ্ৰেপ্তাৰ কৰা হৈছে।

You might also like