নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰে ৪৫৫ আক্রান্ত মৃত ১০

গুৱাহাটীত আক্রান্ত ৮৪

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ ৰাজ্যত অব্যাহত আছে ক’ভিড সংক্রমণ৷ সোমবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪৫৫জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৮৪জন কামৰূপ মহানগৰ জিলাৰ৷  বিগত ২৪ ঘণ্টাত ৰাজ্যজুৰি মুঠ ৭২,৬৫০টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৬১ শতাংশ৷

ইফালে, ক’ভিডত সোমবাৰে প্রাণ হেৰুৱাইছে ১০জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত কামৰূপ মহানগৰত সর্বাধিক ৫জন লোকৰ মৃত্যু ঘটিছে৷ তদুপৰি যোৰহাটৰ দুজন আৰু বৰপেটা–গোৱালপাৰা– এজনকৈ লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৮০৭জনলৈ বৃদ্ধি পালে৷

ইফালে, সোমবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ৫১৭জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৩,৬৩৭জন৷ ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ সময়তে ভেকচিন প্রদান প্রক্রিয়া অধিক ক্ষিপ্রতৰ কৰি তোলা হৈছে৷ আজি পর্যন্ত ক’ভিড ভেকচিন প্রদান কৰা লোকৰ সংখ্যা হৈছে ২,২৩,০২,৪৩৮জন৷

You might also like