নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেনিটাইজ শ্রেণীকোঠাত পাঁচ মাহৰ পাছত আৰম্ভ দশম শ্রেণীৰ পাঠদান

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে প্রায় পাঁচ মাহৰ পাছত সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল দশম শ্রেণীৰ নিয়মীয়া পাঠদান৷ ক’ভিড প্রট’কলৰ মাজেৰে ৰাজ্যৰ বিদ্যালয়সমূহত দশম শ্রেণীৰ পাঠদান আৰম্ভ কৰা হৈছে৷ নিয়মীয়া পাঠদানৰ বাবে বিদ্যালয়লৈ অহা শিক্ষার্থীসকলে মানি চলিছে ক’ভিড প্রট’কল৷ যিহেতু দশম শ্রেণীত অধ্যয়নৰত শিক্ষার্থীসকল ১৮ বছৰ অনূর্ধ্বৰ, সেয়েহে তেওঁলোকক অত্যন্ত সাৱধানতাৰে শ্রেণীত পাঠদান কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে দশম শ্রেণীৰ নিয়মীয়া পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কেতবোৰ নীতি–নির্দেশনা সন্নিৱিষ্ট কৰি এখন সুকীয়া এছ অ’ পি জাৰি কৰিছে৷ সেই অনুসৰি বিদ্যালয়ত পাঠদানৰ পূর্বে শ্রেণীকোঠাসমূহ ছেনিটাইজ কৰা হৈছে৷ একেদৰে এটা শ্রেণীত সর্বাধিক ৩০জন শিক্ষার্থী বহিবলৈ অনুমতি প্রদান কৰা হৈছে৷ অতিৰিক্ত শিক্ষার্থীৰ বাবে শাখাৰ ব্যৱস্থা কৰা হৈছে৷

আনহাতে, বিদ্যালয়লৈ অহা শিক্ষার্থীসকলে সংশ্লিষ্ট কর্তৃপক্ষৰ হাতত প্রদান কৰে অভিভাৱকৰ আপত্তিবিহীন প্রমাণ–পত্র৷ সেইদৰে নিয়মীয়া পাঠদানৰ সময়ত শ্রেণীকোঠাসমূহত মানি চলা হয় সামাজিক দূৰত্ব৷

উল্লেখ্য যে ক’ভিড পজিটিভিটীৰ হাৰ ২ শতাংশৰ তলত থকাৰ ভিত্তিতহে দশম শ্রেণীৰ পাঠদান পুনৰ মুকলি কৰিবলৈ অনুমতি প্রদান কৰা হৈছে৷ যদিহে কোনো জিলাৰ পজিটিভিটীৰ হাৰ ২ শতাংশ অতিক্রম কৰে, তেনেহ’লে সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তই ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালকৰ সৈতে আলোচনা কৰি বিদ্যালয়সমূহ বন্ধ ৰাখিব পাৰিব৷ পজিটিভিটীৰ হাৰ ২ শতাংশৰ তললৈ আহিলেই শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিব পাৰিব৷ প্রতিখন বিদ্যালয় তথা শিক্ষানুষ্ঠানে সপ্তাহান্তিকত বিদ্যালয় চৌহদসমূহ ছেনিটাইজ কৰিব লাগিব৷ শিক্ষা প্রতিষ্ঠানৰ মুৰব্বী আৰু শিক্ষক–কর্মচাৰীসকলক প্রতিষেধক লোৱাটো বাধ্যতামূলক কৰা হৈছে৷ মুঠৰ ওপৰত কেইবাটাও কঠোৰ নীতি–নিয়মৰ ভিত্তিতহে আজিৰে পৰা দশম শ্রেণীৰ পাঠদান আৰম্ভ কৰা হৈছে৷ ইয়াৰ বাহিৰে আন শ্রেণীসমূহৰ পাঠদান ভার্চুৱেল মাধ্যমৰ জৰিয়তে অব্যাহত ৰাখিব লাগিব বিদ্যালয় কর্তৃপক্ষই৷

আনহাতে, সোমবাৰে প্রায় পাঁচ মাহৰ বিৰতিৰ অন্তত বিদ্যালয়লৈ আহি শিক্ষার্থীসকল আনন্দিত হৈ পৰা পৰিলক্ষিত হয়৷ বিভিন্ন বিদ্যালয়ত শিক্ষার্থীসকলে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে যে অনলাইন মাধ্যমৰ জৰিয়তে শ্রেণীসমূহ অব্যাহত আছিল যদিও নিয়মীয়া পাঠদানৰ দৰে সুফল তেওঁলোকে লাভ কৰা নাছিল৷ তেওঁলোকৰ ভাষাত নিয়মীয়া পাঠদানৰ দৰে হ’ব নোৱাৰে অনলাইন শিক্ষা ব্যৱস্থা৷ সেয়েহে নিয়মীয়া পাঠদানৰ দৰে বিদ্যালয়ত উপস্থিত থাকিবলৈ পাই তেওঁলোক সন্তুষ্ট বুলি প্রকাশ কৰে৷ একে সময়তে বিদ্যালয়ৰ শিক্ষক–কর্মচাৰীসকলক বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ কৰিবলৈ পাই সন্তুষ্টি প্রকাশ কৰাৰ লগতে চৰকাৰে বান্ধি দিয়া নীতি–নির্দেশনাসমূহ মানি চলিব বুলিও প্রকাশ কৰে৷ উল্লেখ্য যে ইতিমধ্যে ৬ ছেপ্টেম্বৰৰ পৰা দ্বাদশ, স্নাতক আৰু স্নাতকোত্তৰৰ চূড়ান্ত বর্ষৰ লগতে কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ শ্রেণী আৰম্ভ কৰা হৈছে৷ পর্যায়ক্রমে ক’ভিডৰ সংক্রমণ অধিক হ্রাস পালেই আন শ্রেণীসমূহৰ পাঠদান আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷

You might also like