সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱসটো আজি মৰিগাঁৱত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। শব্দকল্পৰ উদ্যোগত মৰিগাঁও বিহুতলীত অনুষ্ঠিত হৈ থকা সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাস্থলীত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। ‘গ্ৰন্থ অধ্যয়ন আৰু গ্ৰন্থাগাৰ’ শীৰ্ষক আলোচনা-চক্ৰখন সঞ্চালনা কৰে মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ কাকতিয়ে।
আলোচনা চক্ৰখনত আলোচক হিচাপে অংশগ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট কবি সাহিত্যিক ড০ শৰৎ বৰকটকীয়ে কয় যে গ্ৰন্থ আৰু পাঠকৰ মাজৰ এখন সেতু হৈছে পুথিভঁৰাল। কিন্তু এই পুথিভঁৰালসমূহ এতিয়া প্ৰযুক্তিৰ উত্তৰণত ক্ৰমে গুৰুত্বহীন হৈ পৰিছে। গ্ৰন্থই পাঠকক জ্ঞান দিয়ে, যিটো মোবাইল ফোন, ইন্টাৰনেটে দিব নোৱাৰে। তেওঁ গ্ৰন্থ অধ্যয়ন মানুহৰ বাবে একপ্ৰকাৰৰ থেৰাপী বুলি মন্তব্য কৰে।
এই মনোজ্ঞ আলোচনা-চক্ৰখনত অন্যতম আলোচক হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই কয় যে গ্ৰন্থত সঞ্চিত হৈ থাকে অফুৰন্ত জ্ঞান। আনহাতে, গ্ৰন্থাগাৰ তথা পুথিভঁৰাল হৈছে এটা তথ্য কেন্দ্ৰ। এই পুথিভঁৰালসমূহৰ উত্তৰণৰ স্বাৰ্থত শীঘ্ৰেই এখন পুথিভঁৰাল আইন প্ৰণয়ন কৰিবলৈ তেওঁ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনায়।
মৰিগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মাই উদ্বোধন কৰা আলোচনা-চক্ৰখনত আদৰণী ভাষণ প্ৰদান কৰে গ্ৰন্থমেলা আয়োজক সমিতিৰ সম্পাদক জিতুমণি নাথে। অনুষ্ঠানত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক খগেন চন্দ্ৰ নাথে ভাষণ প্ৰদান কৰি সংগঠনটোৰ সাংগঠনিক কাম-কাজৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানত সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি বুবুমণি গোস্বামী, মুখ্য উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মা, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উপ-সভাপতি শশীন্দ্ৰ মহন্ত, সাংগঠনিক সম্পাদক চাহাবুদ্দিন আহমেদ, কাৰ্যনিৰ্বাহক সদস্য ধেনুৰাম নাথ, জিলা সমিতিৰ সম্পাদক বল্লদেৱ নাথ প্ৰমুখ্যে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।