নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত বিজেপি যুৱ মৰ্চাৰ সমষ্টিভিত্তিক যুৱ বুথ বাহিনী সন্মিলন

বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ধুবুৰীত বিজেপিৰ ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ হোৱাৰ অনুৰূপে তৎপৰতা আৰম্ভ হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰো। তাৰেই অংশ ৰূপে আজি ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিৰাট নগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ গোলকগঞ্জ সমষ্টিভিত্তিক এখন যুৱ বুথ বাহিনী সন্মিলন অনুষ্ঠিত হয়।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস আৰু যুৱ মৰ্চাৰ ধুবুৰী জিলাৰ ৰাজ্যিক উপ-সভাপতি সঞ্জয় ৰয়ৰ উপস্থিতিত হোৱা আজিৰ সেই সন্মিলনখনত গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰতিটো বুথৰ পৰা যুৱ মৰ্চাৰ সহস্রাধিক কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। সন্মিলনখনত আগন্তুক সময়ত গোলকগঞ্জত যুৱ মৰ্চাৰ সাংগঠনিক শক্তি অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

আজিৰ সেই সন্মিলনখনত যুৱ মৰ্চাৰ ধুবুৰী জিলাৰ সভাপতি সৌৰভ দেকে ধৰি সংগঠনটোৰ জিলা পৰ্যায়ৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাকে ধৰি ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়, উপ-সভাপতি নিৰ্মাল্য পাল, দেৱপ্ৰসাদ সিংহ প্ৰমুখ্যে বিজেপিৰ গোলকগঞ্জৰ মণ্ডল সভাপতি গোবিন্দ অধিকাৰীকে ধৰি আন বহুতো বিজেপি নেতা-কৰ্মী উপস্থিত আছিল।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ জানুৱাৰী :

You might also like