নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইলৰ অধ্যক্ষতাত টিঅ’এলআইচি, দুলীয়াজানৰ ৪৫সংখ্যক বৈঠক সম্পন্ন

নিয়মীয়া বাৰ্তা, ২২ মে’ : অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয় দুলীয়াজানৰ অধ্যক্ষতাত ২১ মে’ত নগৰ ৰাজভাষা কাৰ্যান্বয়ণ সমিতি, দুলীয়াজান (Town Official language implementation Commitee, Duliajan, নৰাকাস)ৰ ৪৫সংখ্যক বৈঠকখনি অনুষ্ঠিত হৈ যায়। অইলৰ জনসম্পৰ্ক বিভাগৰ মহাপ্ৰবন্ধক ৰথিন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বৈঠকত ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগৰ আঞ্চলিক ৰূপায়ণ কাৰ্যালয় (উত্তৰ-পূৰ্বাঞ্চল)ৰ পৰামৰ্শদাতা বদ্ৰী যাদৱ, অইলৰ বিষয়া (ৰাজভাষা) তথা সদস্য সচিব (নৰাকাস-দুলীয়াজান) দিগন্ত ডেকা উপস্থিত থাকে । ইয়াৰ উপৰি দুলীয়াজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত অৱস্থিত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু বেংকৰ বিভাগীয় মুৰব্বী আৰু ৰাজভাষাৰ বিষয়া আৰু ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে । দুলীয়াজান নৰাকাসৰ সদস্য সচিব, অইলৰ বিষয়া (ৰাজভাষা) দিগন্ত ডেকাই সভাখন পৰিচালনা কৰাৰ লগতে ত্ৰৈমাসিক অগ্ৰগতিৰ প্ৰতিবেদন দাঙি ধৰে । উক্ত বৈঠকত ৰাজভাষা ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰি সেইসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাজভাষা বিভাগৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা বদ্ৰী যাদৱে সকলো সদস্য-কাৰ্যালয়ৰ পৰা পোৱা প্ৰতিবেদনৰ ভিত্তিত ধাৰা ৩ (৩) মানি চলা, হিন্দী পদৰ মৰ্যাদা, নৰাকাস সভা, ৰাজভাষা ব্যৱহাৰৰ লগত জড়িত বিভিন্ন দিশৰ লগতে কৰ্মশালা আৰু বাৰ্ষিক বৈঠক ২০২৪-২৫ৰ আয়োজন সম্পৰ্কীয় বিষয়ত আলোচনা কৰে আৰু ভাৰত চৰকাৰৰ ৰাজভাষা নীতি অনুসৰি এইসমূহৰ অগ্ৰগতিৰ বাবে মূল্যৱান পৰামৰ্শ আগবঢ়ায়। মহাপ্ৰবন্ধক ৰথিন কলিতাই সভাপতিৰ ভাষণত ২০২২-২৩ বৰ্ষৰ বাবে ৰাজভাষা বিভাগ দুলীয়াজানৰ দ্বাৰা প্ৰদান কৰা নৰাকাস ৰাজভাষা বঁটা লাভ কৰা সকলো কাৰ্যালয়কে অভিনন্দন জ্ঞাপন কৰে আৰু ৰাজভাষা ৰূপায়ণৰ দিশত তেওঁলোকৰ অবিৰত সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সদস্য কাৰ্যালয়ৰ পৰা বৃহৎসংখ্যক প্ৰতিনিধিৰ উপস্থিতিত সন্তুষ্টি প্ৰকাশ কৰি তেওঁ সদস্যসকলক এনে সক্ৰিয়তা বজাই ৰাখিবলৈ আহ্বান জনায় । লগতে তেওঁ কয় যে ৰাজভাষা হিন্দীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰত্যেককে নিজ নিজ কাৰ্যালয়ত বেছিভাগ কাম হিন্দী ভাষাত কৰিবলৈ প্ৰেৰণা যোগাব লাগে । দুলীয়াজান নৰাকাসৰ সদস্য সচিব, অইলৰ বিষয়া (ৰাজভাষা) দিগন্ত ডেকাৰ দ্বাৰা আনুষ্ঠানিক শলাগ জ্ঞাপনেৰে নৰকাস, দুলীয়াজানৰ ৪৫সংখ্যক বৈঠকৰ অন্ত পৰে ।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like