নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ অক্টোবৰত ৬০ হাজাৰ খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা প্রদান

মুখ্যমন্ত্রীৰ ঘোষণা

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ  অহা ৫ অক্টোবৰত অসমৰ ৬০ হাজাৰ খিলঞ্জীয়া পৰিয়ালৰ মাজত মাটিৰ পট্টা বিতৰণ কৰা হ’ব৷ ইতিমধ্যে প্রায় ৪৬ হাজাৰ খিলঞ্জীয়া পৰিয়াললৈ ৰাজ্য চৰকাৰে মাটিৰ পট্টা প্রদান কৰিছে৷ এই পদক্ষেপৰ ফলত ৰাজ্য চৰকাৰৰ প্রতিশ্রুতি অনুসৰি ৰাজ্যৰ ১ লাখৰো অধিক খিলঞ্জীয়া পৰিয়াললৈ মাটিৰ পট্টা বিতৰণৰ কাম সম্পূর্ণ হ’ব৷ আনহাতে, চলিত বিত্তীয় বর্ষৰ ভিতৰতে ৰাজ্যৰ অতিৰিক্ত ১ লাখ খিলঞ্জীয়া পৰিয়াললৈ মাটিৰ পট্টা বিতৰণৰ বাবেও ৰাজ্য চৰকাৰে তৎপৰতাৰে পদক্ষেপ গ্রহণ কৰিব৷ আজি অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ৰাজহ বিভাগৰ এক পর্যালোচনা বৈঠকত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে৷ তদুপৰি অহা ২৪ ছেপ্টেম্বৰত ‘অৰুন্ধতী আঁচনি’ৰ হিতাধিকাৰীসকলৰ মাজত ৪০ হাজাৰ টকাকৈ সাহায্য বিতৰণ প্রক্রিয়াও মুখ্যমন্ত্রী সোণোৱালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ বাজেট ঘোষণা অনুসৰি নৱবিবাহিত দম্পতীসকললৈ বর্তমানৰ মূল্যত এই আঁচনিৰ অধীনত চৰকাৰে ১ তোলা সোণৰ মূল্য আগবঢ়াব৷ ৰাজহ বিভাগৰ পর্যালোচনা বৈঠকখনত লোৱা সিদ্ধান্ত অনুসৰি শীঘ্রে যোৰহাটত ক্ষুদ্র চাহ খেতিয়কসকললৈও আনুষ্ঠানিকভাৱে মাটিৰ পট্টা বিতৰণৰ এক কার্যসূচী গ্রহণ কৰা হ’ব৷ বান–খহনীয়াত গৃহহীন হোৱা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে হাতত ল’ব খোজা পুনৰ সংস্থাপন নীতিও অতি সোনকালে চূডান্ত কৰি তোলা হ’ব৷ তদুপৰি মাজুলী, তেজপুৰ আৰু বৰপেটাত তিনিটা ফ্লাড চেণ্টাৰ স্থাপনৰ আধাৰশিলাও অতি সোনকালে স্থাপন কৰা হ’ব বুলি আজিৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে কয় যে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্রদান কৰা বিষয়টো বর্তমানৰ ৰাজ্য চৰকাৰখনে অগ্রাধিকাৰ ভিত্তিত গ্রহণ কৰিছে৷ অহা ৫ অক্টোবৰত ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হ’বলগীয়া মাটিৰ পট্টা প্রদান অনুষ্ঠানত সংশ্লিষ্ট জিলাৰ দায়িত্বত থকা মন্ত্রী আৰু সাংসদসকলকো জডিত কৰাৰ ব্যৱস্থা ল’বলৈও আজিৰ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে ৰাজহ বিভাগক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী সোণোৱালে লগতে কয় যে ৰাজ্যৰ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিতকৰণৰ বাবে ৰাজ্য চৰকাৰে হৰিশংকৰ ব্রহ্মৰ নেতৃত্বত গঠিত সমিতিৰ প্রতিবেদনৰ অধিকাংশই ৰূপায়ণৰ পদক্ষেপ লৈছে৷ ইয়াৰ আধাৰতে ৰাজ্য চৰকাৰে ২০১৯ বর্ষত এক নতুন ভূমি নীতি গ্রহণ কৰিছে৷ তদুপৰি ইয়াৰ আধাৰতে সত্র ইত্যাদিৰ ভূমি বেদখল উচ্ছেদ কৰি বেদখলমুক্ত কৰাৰ পদক্ষেপ লৈছে৷ ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠীৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালে যাতে যুগ যুগ ধৰি বসবাস কৰি অহা ভূমিত মাটিৰ পট্টা লাভ কৰাটো নিশ্চিত কৰিব পৰা যায়, তাৰ বাবে ৰাজ্য চৰকাৰে নিষ্ঠা সহকাৰে পদক্ষেপ লৈছে বুলিও তেওঁ মন্তব্য কৰে৷ আজিৰ বৈঠকতে মুখ্যমন্ত্রী সোণোৱালে অৰুন্ধতী আঁচনি ৰূপায়ণৰ ক্ষেত্রত এক উপযুক্ত সজাগতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে, যাতে পঞ্জীয়ন কৰা সকলো নৱদম্পতীয়ে এই আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে আবেদন কৰিবলৈ আগবাঢ়ি আহে৷ আজিৰ এই বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, ৰাজহ বিভাগৰ মন্ত্রী যোগেন মহন, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া এম মণিৱন্ননকে ধৰি বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like