নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউ এছ অ’পেনত শ্রেষ্ঠত্ব ড’মিনিকৰ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ কেৰিয়াৰত প্রথমটো গ্রেণ্ডশ্লামৰ খিতাপ দখল কৰিলে অষ্ট্রিয়াৰ ড’মিনিক থিমে৷ ক’ৰোনাৰ আতংকৰ মাজতে নিউয়র্কত অনুষ্ঠিত ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষ শাখাৰ ছিংগলছত শ্রেষ্ঠত্ব অর্জন কৰিছে দ্বিতীয় বাছনিপ্রাপ্ত ড’মিনিক থিমে৷ আর্থাৰ এছ ষ্টেডিয়ামত অনুষ্ঠিত মাৰাথন যুঁজৰ ফাইনেল মেচখনত ড’মিনিক থিমে জার্মানীৰ আলেকজেণ্ডাৰ জেৰেভক পৰাস্ত কৰি খিতাপ হস্তগত কৰিবলৈ সক্ষম হয়৷ চাৰি ঘণ্টা ২ মিনিট ধৰি চলা খিতাপ যুঁজৰ মেচখনত ২৭ বছৰীয়া ড’মিনিকে জেৰেভক ২–৬, ৪–৬, ৬–৪, ৬–৩, ৭–৬ (৮–৬) ছেটত পৰাস্ত কৰে৷ প্রথমৰ পৰাই ৰোমাঞ্চকৰ হৈ পৰা ফাইনেল মেচখনৰ প্রথম দুটা ছেট দখল কৰি পঞ্চম বাছনিপ্রাপ্ত জেৰেভে সুন্দৰ আৰম্ভণি কৰিছিল যদিও অন্তিম তিনিটা ছেটত ড’মিনিকে প্রত্যাৱর্তন কৰি চেম্পিয়নৰ সোৱাদ অর্জন কৰিবলৈ সক্ষম হয়৷ বিশ্বৰ তৃতীয় বাছনিপ্রাপ্ত ড’মিনিক থিম হ’ল ইউ এছ অ’পেনৰ খিতাপ দখল কৰা অষ্ট্রিয়াৰ প্রথমগৰাকী খেলুৱৈ৷ অৱশ্যে ড’মিনিকৰ পূর্বে ১৯৯৫ চনত থমাছ মুষ্টাৰে ফ্রেন্স অ’পেনৰ খিতাপ দখল কৰি অষ্ট্রিয়াৰ প্রথমগৰাকী খেলুৱৈ হিচাপে কৃতিত্ব অর্জন কৰিছিল৷

উল্লেখ্য যে চতুর্থবাৰৰ বাবে গ্রেণ্ডশ্লামৰ ফাইনেলত প্রৱেশ কৰি ড’মিনিকে প্রথমবাৰৰ বাবে চেম্পিয়নৰ সোৱাদ লাভ কৰে৷ অষ্ট্রিয়াৰ খেলুৱৈগৰাকীয়ে ২০১৮ আৰু ২০১৯ চনৰ ফ্রান্স অ’পেনৰ ফাইনেলত প্রৱেশ কৰিছিল যদিও দুয়োবাৰেই ৰাফেল নাডালৰ হাতত পৰাস্ত হৈছিল৷ ইফালে, চলিত বর্ষটোৰ অষ্ট্রেলিয়ান অ’পেনৰো ফাইনেলত প্রৱেশ কৰিছিল যদিও ছার্বিয়াৰ ন’ভাক জ’কভিচৰ হাতত আত্মসমর্পণ কৰিছিল৷ ইফালে, ৭১ বছৰৰ পিছত ইউ এছ অ’পেনৰ প্রথম দুটা ছেটত পৰাস্ত হৈ চেম্পিয়নৰ সন্মান লাভ কৰা প্রথমগৰাকী খেলুৱৈৰূপে গৌৰৱো অর্জন কৰে ড’মিনিকে৷ অষ্ট্রিয়াৰ খেলুৱৈগৰাকীৰ পূর্বে ১৯৪৯ চনত এই গৌৰৱ অর্জন কৰা খেলুৱৈগৰাকী হ’ল পাঞ্চো গঞ্জালেজ৷

ইফালে, বিগত ১০ বছৰৰ পিছত ২৩ বছৰীয়া আলেকজেণ্ডাৰ জেৰেভ হ’ল গ্রেণ্ডশ্লামৰ ফাইনেলত প্রৱেশ কৰা যুৱ খেলুৱৈ৷ আনহাতে, ১৭ বছৰৰ ভিতৰত ইউ এছ অ’পেনৰ নতুন চেম্পিয়নৰ তালিকাত নাম অন্তর্ভুক্ত হোৱা ড’মিনিক থিম হ’ল পঞ্চমগৰাকী খেলুৱৈ৷ ২০০৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত জ’কভিচ, ফেডেৰাৰ আৰু নাডালে ১২ বাৰ খিতাপ জয় কৰিছিল যদিও ২০০৯ চনত মার্টিন ডেল পট্রো, ২০১২ চনত এণ্ডি মাৰে, ২০১৪ চনত মাৰিন চিলিচ আৰু ২০১৬ চনত ষ্টানিশ্লাছ ৱাংৰিংকাই ইউ এছ অ’পেনৰ খিতাপ জয়ৰ তালিকাত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছিল৷ মন কৰিবলগীয়া যে ২০০৪ৰ পৰা ২০০৮ চনলৈকে ফেডেৰাৰে ক্রমাগত পাঁচবাৰ গ্রেণ্ডশ্লামখনৰ খিতাপ জয় কৰাৰ বিপৰীতে ২০১০, ২০১৩, ২০১৭ আৰু ২০১৯ চনত নাডাল আৰু ২০১১, ২০১৫ আৰু ২০১৮ চনত জ’কভিচ চেম্পিয়ন হৈছিল৷

You might also like