নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলং-টানেল থকা ৰাষ্ট্ৰীয় পথত টোল মাচুল ৫০% হ্ৰাস

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ (NH)-ৰ কিছুমান বিশেষ অংশৰ টোল মাচুল ৫০ শতাংশলৈকে হ্ৰাস কৰিছে। যি ঘাইপথত টানেল, দলং (bridge), ফ্লাইঅভাৰ বা উচ্চ পথ (elevated stretches) আছে, সেই স্থানত এই হ্ৰাসকৃত টোল হাৰ প্ৰযোজ্য হ’ব। এই পদক্ষেপৰ ফলত গাড়ীচালকসকলৰ যাতায়াত ব্যয় হ্ৰাস হ’ব।

২০২৫ চনৰ ২ জুলাই তাৰিখে জাৰি কৰা জাননীত কোৱা হৈছে –
“যি ৰাষ্ট্ৰীয় ঘাইপথত এটা বা অধিক স্থাপন (structure) থাকে, সেইসকল ক্ষেত্ৰত টোল মাচুল গণনা কৰা হ’ব: (i) স্থাপন বা স্থাপনসমূহৰ দৈৰ্ঘ্যৰ ১০ গুণ মূল পথৰ দৈৰ্ঘ্যত যোগ দিয়াৰ পাছত, অথবা (ii) মূল পথৰ দৈৰ্ঘ্যৰ ৫ গুণ – যিটো কম, সেই অনুসৰি।”

ইয়াত ‘structure’ বুলিলে স্বতন্ত্ৰ দলং, টানেল, ফ্লাইঅভাৰ বা উচ্চ পথক বুজোৱা হৈছে।

টোল মাচুলৰ নিয়ম:

ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাত মাচুল সংগ্ৰহ NH Fee Rules, 2008-ৰ অধীনত কৰা হয়। পথ পৰিবহন আৰু পৰিবহণ মন্ত্ৰালয়ে ২০০৮ চনৰ নিয়মত সংশোধন আনি টোল মাচুল গণনাৰ বাবে এটা নতুন নিয়ম আৰু সূত্র প্ৰকাশ কৰিছে।

উদাহৰণস্বৰূপে:
যদি এটা ৰাষ্ট্ৰীয় ঘাইপথৰ সম্পূৰ্ণ দৈৰ্ঘ্য ৪০ কিঃমিঃ আৰু ইটো সম্পূৰ্ণভাৱে স্থাপন (structure)-ৰে গঠিত হয়, তেন্তে –

  • ১০ গুণ নিয়মে = ১০ × ৪০ = ৪০০ কিঃমিঃ

  • ৫ গুণ নিয়মে = ৫ × ৪০ = ২০০ কিঃমিঃ
    ইয়াত কম দৈৰ্ঘ্য (২০০ কিঃমিঃ) অনুযায়ী মাচুল গণনা হ’ব। অৰ্থাৎ, এইক্ষেত্ৰত ব্যৱহাৰকাৰীৰ পৰা কেৱল মুঠ দৈৰ্ঘ্যৰ ৫০% হিচাপে টোল লোৱা হ’ব।

বৰ্তমান নিয়ম অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিখন structureৰ প্ৰতিকিলোমিটাৰৰ বাবে ১০ গুণ হাৰত টোল লোৱা হয়।

NHAI (National Highway Authority of India)-ৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে, পূৰ্বৰ এই ১০ গুণ নিয়মৰ উদ্দেশ্য আছিল এনে ধৰণৰ অবকাঠামো নিৰ্মাণৰ অধিক ব্যয় উফাৰ কৰাৰ বাবে।

পুনৰ সংশোধিত এই নতুন নোটিফিকেচন অনুসৰি, ফ্লাইঅভাৰ, আণ্ডাৰপাছ, টানেল আদি পথৰ অংশত টোল মাচুল ৫০%লৈ হ্ৰাস কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

Niyomiya Barta Desk, Date of Published, 5 July

You might also like