নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপৰ বিশিষ্ট তবলাবাদক নিৰ্মল বুঢ়াগোহাঁইৰ বিয়োগ

🔹 দল-সংগঠন, গুণমুগ্ধৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা, নামৰূপ, ৫ জুলাই : নামৰূপৰ বিশিষ্ট তবলাবাদক নিৰ্মল বুঢ়াগোহাঁইৰ (৫৩) আকস্মিক বিয়োগে সমগ্ৰ নামৰূপত শোকৰ ছাঁ পেলাইছে। নামৰূপৰ খেৰেমিয় গাঁৱৰ বাসিন্দা ভোগেশ্বৰ বুঢ়াগোহাঁই আৰু দিব্যলতা বুঢ়াগোহাঁইৰ পুত্ৰ নিৰ্মল বুঢ়াগোহাঁয়ে এগৰাকী তবলাবাদক হিচাপে কেইবাদশক ধৰি নামৰূপ-নাহৰকটীয়া অঞ্চলত সেৱা আগবঢ়াইছিল। নামৰূপ সংগীত মহাবিদ্যালয়ৰ নিয়মীয়া তবলা শিক্ষক হিচাপে সেৱা আগবঢ়োৱা বুঢ়াগোহাঁই নামৰূপৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰ  লগত ওতপ্ৰোতভাৱে  জড়িত আছিল। বি ভি এফ চি এলৰ ছেক্টৰ এফত বাস কৰা নিৰ্মল বুঢ়াগোহাঁই বিগত কিছুদিন কোৱাৰ্টাৰত অকলেই বাস কৰিছিল। ঘৰুৱা অসুবিধাৰ বাবে শিৱসাগৰৰ মাতৃগৃহত থকা পত্নীয়ে বৃহস্পতিবাৰে নিৰ্মল বুঢ়াগোহাঁইলৈ কেইবাবাৰো ফোন কৰিও যোগাযোগ কৰিব নোৱাৰি নামৰূপত থকা ভনী-জোঁৱায়েকলৈ ফোন কৰে। শুকুৰবাৰে পুৱা ভনীজোঁৱায়েকে আহি বুঢ়াগোহাঁইৰ ঘৰৰ দুৱাৰ বন্ধ দেখি ওচৰ-চুবুৰীয়াৰ সহযোগত পিছফালৰ পৰা ঘৰৰ ভিতৰত সোমাই মৃতকক ওপৰমুৱাকৈ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় প্ৰশাসনক খবৰ দিয়ে। প্ৰশাসনৰ দল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বিয়লি দুলীয়াজানৰ ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সমাপন কৰা হয়। বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগত নামৰূপৰ স্বৰগম ফাউণ্ডেচন, নামৰূপ সংগীত মহাবিদ্যালয়, সুৰধ্বনি সংগীত কানন নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা, নামৰূপ লেখিকা সমাৰোহ সমিতি, সমলয় কবি চক্ৰ, নামৰূপ শাখা সাহিত্য সভাৰ লগতে বহু  গুণমুগ্ধই শোক প্ৰকাশ কৰিছে।

You might also like