নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ জিলাৰ ডিচি–এছপিক লৈ মুখ্যমন্ত্রীৰ গুৰুত্বপূর্ণ বৈঠক

নামনিৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে সর্বানন্দ সোণোৱালে

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ গোৱালপাৰা জিলা উপায়ুক্ত কার্যালয়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত আজি এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ বিয়লি ৪ বজাত অনুষ্ঠিত এই বৈঠকত নামনি অসমৰ ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও আৰু গোৱালপাৰাৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলৰ লগতে স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকসকল উপস্থিত থাকে৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী সোণোৱালে কয় যে ক’ভিড–১৯ৰ বুজ ল’বলৈ গোৱালপাৰাত তেওঁ উপস্থিত হয়৷ গোৱালপাৰা জিলাৰ লগতে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, যুটীয়া স্বাস্থ্য সঞ্চালক আৰু কেইবাটাও বিভাগৰ মুৰব্বী বিষয়াসকলৰে আলোচনাত মিলিত হৈ জিলাকেইখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লয়৷ স্বাস্থ্য আৰু জিলা প্রশাসনে জাৰি কৰা নীতি–নির্দেশনাসমূহ পালন কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷

You might also like