নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীৰ্ঘসময় মাস্কখন পিন্ধাৰ ফলত দেখা দিছে নেকি ছালৰ বিভিন্ন সমস্যাই, ইয়াক সমাধান কিদৰে কৰিব?

ক’ৰোনাৰ পৰা ৰক্ষা পাবলৈ মাস্ক আমাৰ নিত্যসংগী। বিশেষকৈ যিসকল লোকে বাহিৰলে ওলাই যায়, তেওঁলোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ফলত ছালৰ নানা ধৰণৰ সমস্যাই দেখা দিছে। যিসকলৰ স্কিন খুব চেনছিটিভ, তেওঁলোকৰ টি-জোন অর্থাৎ নাকৰ চাৰিওকাষৰ অংশ এলার্জিৰ দৰে নানান সমস্যা  দেখা দিছে।

কি কি কৰিব-

১। বাহিৰৰ পৰা ঘৰলৈ উভতি আহিলে আপোনাৰ মুখখন ভালদৰে পৰিষ্কাৰ কৰিব। ফেচৱাছ বা ক্লিনজাৰ বা কেঁচা গাখীৰেৰে আপোনাৰ মুখখন পৰিষ্কাৰ কৰক। প্ৰথমে ইয়াক কপাহেৰে মচি দিয়ক। আপুনি টিস্যু পেপাৰো ব্যৱহাৰ কৰিব পাৰে। তাৰ পিছত আপোনাৰ মুখখন পৰিষ্কাৰ ঠাণ্ডা পানীৰে ধুব। এতিয়া আপোনাৰ হাতত টাৱেল এখন লৈ আপোনাৰ মুখখন লাহেকৈ মুখখন মচি দিয়ক। তাৰ পিছত আপোনাৰ গোটেই মুখত অলপ টোনাৰ প্ৰয়োগ কৰক।

২। শুবলৈ যোৱাৰ আগতে ছালৰ ময়েশ্চাৰাইজ কৰিব। যিহেতু এতিয়া গৰম, পাতল ময়েশ্চাৰাইজাৰ বা ক্ৰীম যোগ দিয়ক। যিসকলে এচি কোঠাত থাকে তেওঁলোকে ক্ৰীম মাচাজ কৰাৰ পিছতহে বিচনালৈ যাব লাগিব। ময়েশ্চাৰাইজাৰ বা ক্ৰীম যিপ্ৰয়োগ কৰা হওক, নাকৰ চাৰিওফালে আৰু ওঁঠৰ চাৰিওফালে আৰু থুঁতৰিৰ তলত ক্ৰীম প্ৰয়োগ কৰক, অৰ্থাৎ মাস্কেৰে ঢাকি থোৱা অংশ।

৩। পিছদিনা ৰাতিপুৱা উঠক আৰু আপোনাৰ মুখখন পৰিষ্কাৰ ঠাণ্ডা পানীৰে ধুই দিয়ক। তাৰ পিছত পুনৰ পাতল ময়েশ্চাৰাইজাৰ এটা যোগ দিয়ক। এতিয়া গা ধোৱাৰ আগতে এবাৰ আপোনাৰ মুখখন ঘঁহি দিয়ক। ঘৰৰ পৰা ওলাই যোৱাৰ আগতে আপুনি চানস্ক্ৰীণ লগাব লাগিব। যিহেতু এতিয়া বাহিৰত যথেষ্ট ৰ’দ সেইবাবে ছাতি, চানগ্লাছ, টুপী আৰু স্কার্ফ লগত নিয়ক।

You might also like