নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০ দিনতো সম্পূর্ণ নহ’ল এপিডিচিএল কেলেংকাৰিৰ তদন্ত

সময় উকলি গ’ল পৰীক্ষা বাতিল কৰিলেও আগবাঢ়িব পৰা নাই ভিজিলেঞ্চ

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ  অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ বিভিন্ন পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত সংঘটিত ব্যাপক অনিয়মৰ তদন্ত এতিয়াও প্রাৰম্ভিক পর্যায়তে আছে৷ এই তদন্ত সঠিকভাৱে আগুৱাই নিব পৰা নাই মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে৷ শেহতীয়াকৈ এই গোচৰটোত গ্রেপ্তাৰ হোৱা ৯জন অভিযুক্তই দাখিল কৰা জামিন আবেদনৰ শুনানিৰ সময়ত চৰকাৰী পক্ষই প্রকাশ কৰা তথ্যত পোহৰলৈ আহিছে এই কথা৷ তদন্তকাৰী বিষয়াই চৰকাৰী অধিবক্তালৈ প্রেৰণ কৰা এখন পত্রত উল্লেখ কৰা অনুসৰি গোচৰটোৰ তদন্তকাৰী বিষয়াই তদন্তৰ সময় বৃদ্ধি কৰাৰ বাবে ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত আবেদন দাখিল কৰিছে৷ কিন্তু লক্ষণীয়ভাৱে ফৌজদাৰী বিধিৰ অধীনত এনেধৰণৰ গোচৰৰ ক্ষেত্রত তদন্তৰ কাল ৬০ দিনতকৈ অধিক বৃদ্ধি কৰাৰ কোনোধৰণৰ নিয়ম নাই৷

এই কথা উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানিৰ সময়ত উল্লেখ কৰিছিল৷ তদুপৰি চৰকাৰী অধিবক্তাক তদন্তকাৰী বিষয়াই দাখিল কৰা পত্রখনত উল্লেখ কৰা অনুসৰি কিছুদিনৰ ভিতৰতে এই গোচৰটোৰ চার্জশ্বীট দাখিল কৰিবলৈও তদন্তকাৰী সংস্থাৰ বাবে সম্ভৱ নহ’ব৷ যাৰ বাবে নির্ধাৰিত ৬০ দিনৰ ভিতৰত এই গোচৰটোৰ তদন্ত সম্পূর্ণ হোৱাৰ সম্ভাৱনা অত্যন্ত ক্ষীণ৷ কাইলৈ তদন্তকাৰী সংস্থাৰ নির্ধাৰিত সময় উকলি যাব৷ আনহাতে এই গোচৰটোৰ তদন্তৰ সময়ত তদন্তকাৰী সংস্থাই জব্দ কৰা ম’বাইল হেণ্ডছেটসমূহ ফৰেনছিক লেবৰেটৰীলৈ প্রেৰণ কৰা হৈছে যদিও এতিয়াও প্রতিবেদন লাভ কৰা নাই৷ কেছ ডায়েৰী অধ্যয়নৰ পিছত উচ্চ ন্যায়ালয়ে প্রকাশ কৰে যে গোচৰটোৰ তদন্ত প্রক্রিয়াত এতিয়াও বহু বিষয় অনুসন্ধান কৰিবলৈ বাকী আছে৷ যাৰ বাবে এই গোচৰটো প্রাৰম্ভিক পর্যায়তে থকা বুলি মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ে৷ সেয়েহে উক্ত বিষয়সমূহ বিবেচনা কৰাৰ লগতে নির্ধাৰিত ৬০ দিনৰ ভিতৰত তদন্ত প্রক্রিয়া সম্পূর্ণ কৰিবলৈ তদন্তকাৰী সংস্থা সক্ষম নহ’ব বুলি আশংকা কৰি গোচৰটোত গ্রেপ্তাৰ হোৱা ৯ অভিযুক্তৰ জামিন উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ মঞ্জুৰ কৰিছে৷ অৱশ্যে অভিযুক্তসকলৰ জামিন মঞ্জুৰ কৰিলেও কেইবাটাও বিশেষ চর্ত বান্ধি দিছে উচ্চ ন্যায়ালয়ে৷ সেই অনুসৰি বিশেষ ন্যায়াধীশৰ আদালতৰ অনুমতি অবিহনে এৰিব নোৱাৰিব ৰাজ্য৷ তদুপৰি তদন্তত কোনোধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব জামিনপ্রাপ্ত অভিযুক্তই৷ সেইদৰে তদন্তকাৰী বিষয়াই গোচৰটোৰ জেৰাৰ বাবে তলব কৰিলেই হাজিৰ হ’ব লাগিব অভিযুক্তসকল৷

উল্লেখ্য যে কার্যালয় আৰু ক্ষেত্র সহায়ক, গাড়ীচালক, সহায়ক পদৰ বাবে ২০১৯ চনতে নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিছিল এ পি ডি চি এলে৷ ১.৮০ লাখ প্রার্থী অৱতীর্ণ হোৱা এই নিযুক্তি পৰীক্ষাৰ অ’ এম আৰ শ্বীটসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ক অর্পণ কৰা হৈছিল৷ পৰৱর্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ে গঠন কৰে এক্সটার্নেল পৰীক্ষা কোষ৷ বিশ্ববিদ্যালয়ৰ অধ্যাপকসহ কেইবাগৰাকী কর্মচাৰীক এই পৰীক্ষাৰ দায়িত্ব দিয়া হয় যদিও একাংশ মনপছন্দৰ প্রার্থীক ধনৰ বিনিময়ত তেওঁলোকে উত্তীর্ণ কৰাই দিয়াৰ ষড়যন্ত্রত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হয়৷ লাখ লাখ টকাৰ বিনিময়ত তেওঁলোকে প্রার্থীসকলক নিযুক্তিৰ পথ মোকলাই দিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে মুখ্যমন্ত্রীৰ তদাৰকী কোষে বিভিন্ন ধাৰাৰ অধীনত ৪/২০২১ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ ইতিমধ্যে এই গোচৰত গুৱাহাটী বিশ্ববিদ্যালয়ত কেইবাবাৰো তালাচী চলোৱাৰ লগতে অধ্যাপক দিলীপ বৰাসহ কেইবাজনো লোকক সোধা–পোছা কৰিছে৷ এ পি ডি চি এলৰ অধ্যক্ষৰ বিশেষ কর্তব্যৰত বিষয়া দীপাংকৰ দিহিঙীয়াসহ বহুকেইজন অভিযুক্তক গ্রেপ্তাৰো কৰা হৈছে৷ ইতিমধ্যে অসম চৰকাৰে বাতিলো কৰিছে এ পি ডি চি এলৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা লিখিত পৰীক্ষা৷ অর্থাৎ এই পদসমূহত নিযুক্তিৰ বাবে পুনৰ অনুষ্ঠিত হ’ব পৰীক্ষা৷ ইয়াৰ মাজতে যোৱা ১৮ নৱেম্বৰত গোচৰটোত গ্রেপ্তাৰ হোৱা মুঠ ৯ প্রার্থীয়ে জামিন লাভ কৰিবলৈ সক্ষম হৈছে৷ ১.৮০ লাখ প্রার্থীৰ ভৱিষ্যতক লৈ হেতালি খেলি সংঘটিত কৰা এই কেলেংকাৰিৰ তদন্তৰ ক্ষেত্রত তদাৰকী কোষে হেমাহি কৰিছে নে প্রকৃত তথ্যৰ সন্ধানত তদন্ত আগবঢ়াই নিছে, সেয়া হ’ব লক্ষণীয়৷

You might also like