নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা বিজনীত বড়ো সাহিত্য সভাৰ ৬৫সংখ্যক বাৰ্ষিক অধিৱেশন

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁও থেংফাখ্ৰী পথাৰত আজিৰে পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন। এই লৈ শীতৰ বতৰতো থেংফাখ্ৰী পথাৰ হৈ পৰিছে উদুলি-মুদুলি ৷ কাৰ্যসূচী অনুসৰি, আজি প্ৰথম দিনা তোৰণ, অতিথিশালা, প্ৰদৰ্শনী মঞ্চ, স্বেচ্ছাসেৱক-সেৱিকাৰ শিবিৰ, প্ৰতিনিধি শিবিৰ মুকলি, আলোচনা চক্ৰ আৰু সন্ধিয়ালৈ অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা ৷

আজি পুৱা ৯ বজাত ড০ মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মূল তোৰণ মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য তথা বড়ো সাহিত্য সভাৰ ৬৫সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে ৷ ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মূল ৰভা মুকলি কৰে চিৰাঙৰ আয়ুক্ত যতীন বৰাই ৷ চানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মূল মঞ্চ মুকলি কৰে বিজনী জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফুলীচৰণ বসুমতাৰীয়ে ৷ প্ৰতিনিধি গৃহ মুকলি কৰে বিটিচিৰ পৰিষদীয় সদস্য জেমছ বসুমতাৰীয়ে ৷ একেদৰে ল’ৰা-ছোৱালীৰ স্বেচ্ছাসেৱক শিবিৰ আদিৰ লগতে বিনোদ ব্ৰহ্ম সোঁৱৰণী মুকলি বজাৰ মুকলি কৰে বিটিচিৰ পৰিষদীয় সদস্য ধনঞ্জয় বসুমতাৰীয়ে ৷

পুৱা ১১ বজাৰ পৰা প্ৰতিনিধি পঞ্জীয়ন, ইয়াৰ পাছতে অনুষ্ঠিত হয় আলোচনা চক্ৰ আৰু আবেলিলৈ অনুষ্ঠিত হ’ব কবি সন্মিলন ৷ সন্ধিয়া বড়ো সাহিত্য সভাৰ প্ৰথম প্ৰতিনিধি সভাখন মুকলি কৰিব বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি গোপীনাথ বৰগয়াৰীয়ে।

নিয়মীয়া বাৰ্তা, বিজনী, ৯ জানুৱাৰী :

You might also like