নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬৬.৭৫ শতাংশ হিন্দুই মুখ্যমন্ত্রী হিচাপে বিচাৰে ড০ শর্মাক, ভোট ভাইবৰ সমীক্ষাৰ তথ্য

নিউজ ডেস্ক, ১৬ জানুৱাৰী : মুখ্যমন্ত্রী হিচাপে অসমৰ ৰাইজৰ প্রথম পছন্দ ড০ হিমন্ত বিশ্ব শর্মা৷ ৬৬.৭৫ শতাংশ হিন্দু লোকেই মুখ্যমন্ত্রী হিচাপে বিচাৰে ড০ শর্মাক৷ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত ভোট ভাইব-এ প্রকাশ কৰা এক সমীক্ষাত এই তথ্য প্রকাশ হৈছে৷ লক্ষণীয়ভাৱে ভোট ভাইবৰ সমীক্ষাত মাত্র ২৫ শতাংশ লোকৰহে মুখ্যমন্ত্রী পদত পছন্দৰ প্রার্থী গৌৰৱ গগৈ৷

মন কৰিবলগীয়া যে সমীক্ষাটোত আন কেতবোৰ আকর্ষণীয় তথ্য প্রকাশ পাইছে৷ সেই অনুসৰি ৰাজ্যৰ ৬৩ শতাংশ অনুসূচিত জাতিৰ লোকে মুখ্যমন্ত্রী হিচাপে বিচাৰে ড০ হিমন্ত বিশ্ব শর্মাক৷ আনহাতে, ৩০ শতাংশ অনুসূচিত জাতিৰ লোকে গৌৰৱ গগৈক মুখ্যমন্ত্রী হিচাপে বিচাৰে৷ একেদৰে অনুসূচিত জনজাতিৰ ৫৯ শতাংশ লোকে ড০ শর্মাক মুখ্যমন্ত্রী হিচাপে আৰু ৩৩ শতাংশ লোকে গৌৰৱ গগৈক মুখ্যমন্ত্রী হিচাপে বিচাৰে৷ ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক খিলঞ্জীয়া তথা হিন্দু লোকে ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী হিচাপে বিচৰাৰ বিপৰীতে কিন্তু ৭৯ শতাংশ মুছলমান লোকে গৌৰৱ গগৈক মুখ্যমন্ত্রী হিচাপে বিচাৰে৷ ইয়াৰে ১০ শতাংশ লোকেহে ড০ শর্মাক মুখ্যমন্ত্রী হিচাপে বিচাৰে৷

সমীক্ষাটোত প্রকাশ হোৱা আন তথ্য অনুসৰি সর্বাধিক ৮৪ শতাংশ পুৰুষে গৌৰৱ গগৈক আৰু ৪২ শতাংশ পুৰুষে ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী হিচাপে বিচাৰে৷ ইয়াৰ বিপৰীত তথ্য অনুসৰি সর্বাধিক ৫৫ শতাংশ মহিলাই ড০ হিমন্ত বিশ্ব শর্মাক আৰু ৩৫ শতাংশ মহিলাই গৌৰৱ গগৈক মুখ্যমন্ত্রী হিচাপে বিচাৰে৷ অৱশ্যে ১৮ৰ পৰা ২৪ বছৰ বয়সৰ ভোটাৰৰ মাজত যথেষ্ট জনপ্রিয় গৌৰৱ গগৈ৷ ২৫ বছৰ বয়সৰ পৰা ৫৫ বছৰৰ ওপৰৰ সকলো বয়সৰ লোকৰ মাজত জনপ্রিয়তা বৃদ্ধি ড০ হিমন্ত বিশ্ব শর্মাৰ৷ অ’বিচি লোকৰ মাজত ড০ হিমন্ত বিশ্ব শর্মাৰ জনপ্রিয়তা ৭১ শতাংশ হোৱাৰ বিপৰীতে গৌৰৱ গগৈৰ জনপ্রিয়তা মাত্র ১৮ শতাংশহে৷

ভোট ভাইবে নিজৰ ষ্টেট ভাইব ছিৰিজত প্রকাশ কৰা সমীক্ষাত অসমৰ ৰাজনৈতিক প্রেক্ষাপটত বর্তমানৰ ৰাজনৈতিক নেতাসকলৰ জনপ্রিয়তা তথা গ্রহণযোগ্যতা সন্দর্ভত প্রকাশ কৰা তথ্যত উল্লেখ কৰিছে যে চৰকাৰী কর্মদক্ষতাৰ ৰেটিং সমীক্ষা অনুসৰি ৫৮ শতাংশ লোকে বিগত ৫ বছৰত বর্তমানৰ চৰকাৰখনৰ কাম–কাজ উৎকৃষ্ট বা ভাল বুলি ৰেটিং দিছে৷ মাত্র ৩৮.১ শতাংশ লোকেহে চৰকাৰী কাম–কাজক গতানুগতিক বুলি ৰেটিং দিছে৷ অসমৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে কাক বিচাৰে, সেই প্রশ্ণৰ সমীক্ষাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ৪৮.২ শতাংশ সমর্থনেৰে আগবাঢ়ি থকাৰ বিপৰীতে ৪২ শতাংশ লোকৰ সমর্থন লাভ কৰিছে গৌৰৱ গগৈয়ে৷

You might also like