নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি… ৭ মহীয়া অন্তঃসত্ত্বা পত্নীৰে অঘটন

ডিজিটেল ডেস্ক, ১ মে’ : শিলচৰৰ মধুৰবন্ধত সংঘটিত হৈছে এক জঘন্য তথা মানৱতাক লজ্জানত কৰা হত্যাকাণ্ড। পৰকীয়া প্ৰেমৰ পৰিণতিত এগৰাকী ৭ মহীয়া অন্তঃসত্ত্বা মহিলাক অতি নিষ্ঠুৰভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে নিজ স্বামীৰ বিৰুদ্ধে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, কাছাৰ জিলাৰ জিৰিঘাট দীঘলিৰ বাসিন্দা ৰাবিয়া বেগমৰ প্ৰায় ৬ বছৰ পূৰ্বে শিলচৰ মধুৰবন্দৰ বিৰু মিঞাৰ সৈতে বিবাহ সম্পন্ন হৈছিল। বৰ্তমান দুটা সন্তানৰ মাতৃ ৰাবিয়া আছিল ৭ মহীয়া অন্তঃসত্ত্বা। অভিযোগ অনুসৰি, বিবাহৰ কেইবছৰমান পাছৰে পৰা বিৰু মিঞা আন এগৰাকী মহিলাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈছিল। এই পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰিয়েই স্বামী-স্ত্ৰীৰ মাজত প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈছিল আৰু স্বামী বিৰু মিঞাই ৰাবিয়াৰ ওপৰত চলাইছিল শাৰীৰিক নিৰ্যাতন।

সোমবাৰে নিশা বিৰু মিঞাই হঠাৎ ৰাবিয়াৰ পিতৃক ফোন কৰি জনায় যে ৰাবিয়াৰ অৱস্থা অতি সংকটজনক আৰু তেওঁক শেষবাৰৰ বাবে চাবলৈ হ’লে অতি সোনকালে আহিব লাগে। খবৰটো পোৱাৰ লগে লগে ৰাবিয়াৰ পৰিয়ালৰ লোক উপস্থিত হয় যদিও ঘৰত কাকো বিচাৰি নাপায়। পিছত শিলচৰ মেডিকেল কলেজত গৈ তেওঁলোকে দেখে যে ৰাবিয়াৰ মৃতদেহ ষ্ট্ৰেচাৰত পৰি আছে ৷ মৃতদেহটোৰ ডিঙিত ৰছীৰ দাগ আৰু পেটত আঘাতৰ চিহ্ন স্পষ্টকৈ দেখা পোৱা গৈছে। ৰাবিয়াৰ পৰিয়ালৰ অভিযোগ যে স্বামী বিৰু মিঞাই দ্বিতীয়গৰাকী পত্নীৰ সৈতে সংসাৰ কৰাৰ পথ প্ৰশস্ত কৰিবলৈ ৰাবিয়াক পৰিকল্পিতভাৱে হত্যা কৰিছে। অন্তঃসত্ত্বা মহিলাগৰাকীৰ পেটত গোৰ মাৰি আৰু ডিঙি ৰেপি হত্যা কৰা বুলি বিস্ফোৰক অভিযোগ কৰে মৃত ৰাবিয়াৰ ভাতৃয়ে ।

এই ঘটনাৰ পাছত মৃতকৰ পৰিয়ালে এজাহাৰ দাখিল কৰে। সোমবাৰে নিশাই শিলচৰ মেডিকেল কলেজৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত হত্যাকাৰী স্বামী বিৰু মিঞাক। বৰ্তমান আৰক্ষীয়ে হত্যাকাৰী স্বামীক জিম্মাত লৈ অধিক তথ্যৰ বাবে সোধা-পোছ অব্যাহত ৰাখিছে।

আনহাতে, অভিযুক্ত হত্যাকাৰী স্বামী বিৰু মিঞাই কেমেৰাৰ সম্মুখত হত্যাৰ কথা অস্বীকাৰ কৰি কয় যে তেওঁৰ পত্নীয়ে চৰম পথ বাছি লৈছে, তেওঁ তেওঁৰ পত্নীক হত্যা কৰা নাই ৷ তেওঁৰ এগৰাকী মহিলাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল ঠিকেই, কিন্তু তেওঁ পত্নীক হত্যা কৰা নাই বুলি কেমেৰাৰ সম্মুখত কয় অভিযুক্ত স্বামী বিৰু মিঞাই।

ইপিনে, এগৰাকী অন্তঃসত্ত্বা মহিলাক এনেদৰে নিজ স্বামীয়ে হত্যা কৰা ঘটনাই সমগ্ৰ শিলচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । পৰিয়ালৰ লোকে হত্যাকাৰী স্বামীৰ ফাঁচীৰ দাবী জনাইছে।

You might also like