ইৰানে পাৰমাণৱিক কার্য বন্ধ নকৰিলে চুক্তি সম্ভৱ নহয় : ড’নাল্ড ট্রাম্প
ডিজিটেল ডেস্ক, ১ মে’ : ইৰানে পাৰমাণৱিক কর্মকাণ্ডক লৈ নিজৰ উচ্চাকাংক্ষাৰ পৰা আঁতৰি নগ’লে তেওঁলোকৰ সৈতে কোনো চুক্তি কৰা সম্ভৱ নহয়৷- এনে দাবী কৰিলে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷
ইৰানৰ বিৰুদ্ধে মার্কিন নৌ বাহিনীয়ে হৰমুজ প্রণালীত যি অৱৰোধ আৰম্ভ কৰিছে, সেয়াও দুর্দান্ত পদক্ষেপ বুলি ধাৰণা কৰে তেওঁ৷ আনকি হৰমুজৰ নাম সলাই ‘ট্রাম্প প্রণালী’ কৰাৰ যি মানচিত্র সামাজিক মাধ্যমত বিয়পি পৰিছে, তাকো দৃশ্যতঃ স্বীকৃতি দিছে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷
ট্রাম্পৰ সমর্থকসকলে সম্প্রতি সামাজিক মাধ্যমত হৰমুজ প্রণালীৰ এখন মানচিত্র বিয়পাই দিবলৈ আৰম্ভ কৰিছে, তাত হৰমুজ প্রণালীৰ সলনি লিখা হৈছে ‘ট্রাম্প প্রণালী’৷ বৃহস্পতিবাৰে পুৱাৰ ভাগতে (ভাৰতীয় সময়) এনে এখন ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ মূল পোষ্টটো ট্রাম্পৰ এগৰাকী সমর্থকৰ৷ বুধবাৰে ট্রাম্পে দাবী কৰিছিল যে মার্কিন নৌ–বাহিনীয়ে হৰমুজ কার্যতঃ অৱৰুদ্ধ কৰি ‘অসাধাৰণ’ কাম কৰিছে৷