নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভলীনা–হিমাসহ অসমৰ ৭০গৰাকী ব্যক্তিক অযোধ্যালৈ আমন্ত্রণ

🔹 ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জানুৱাৰী : ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানক লৈ দেশজুৰি চলি থকা ব্যাপক তৎপৰতা আৰু প্রস্তুতিৰ মাজতে অসমৰ প্রায় ৭০গৰাকী লোকে অনুষ্ঠানটোত ভাগ লোৱাৰ বাবে আমন্ত্রণ লাভ কৰিছে৷ অহা ২২ জানুৱাৰীত হ’ব লগা প্রাণ প্রতিষ্ঠা অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইতিমধ্যে বিশ্ব হিন্দু পৰিষদে ৬৩গৰাকী সত্রাধিকাৰ–সন্ত আৰু ধর্মগুৰুক আমন্ত্রণী–পত্র প্রদান কৰাৰ লগতে ৰাজ্যৰ অন্যতম ক্রীড়াবিদ তথা স্বর্ণ বিজয়ী লাভলীনা বৰগোহাঁই আৰু হিমা দাসেও ৰামলালাৰ অনুষ্ঠানলৈ লাভ কৰিছে আমন্ত্রণী–পত্র৷ এই কথা জানিবলৈ দিয়ে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ–পূব প্রান্তৰ সভাপতি পৰমেশ দত্তই৷ সংবাদ মাধ্যমক সভাপতিগৰাকীয়ে প্রকাশ কৰা অনুসৰি প্রায় ৭০গৰাকী লোকক আমন্ত্রণ জনোৱাৰ বাবে অযোধ্যাৰ পৰা আমন্ত্রণী–পত্র আহিছে৷ আমন্ত্রণ লাভ কৰাসকলে পত্রৰ লগতে লাভ কৰিব এটা কোড নম্বৰ৷ এই কোড নম্বৰ আৰু নিজৰ আধাৰ কার্ড লৈ ২২ জানুৱাৰীৰ পূর্বে অযোধ্যাত উপস্থিত হ’ব লাগিব৷ আমন্ত্রণ লাভ কৰাসকলে উক্ত কোড নম্বৰ উদ্যোক্তাসকলক প্রদর্শন কৰিলেই তেওঁলোকক থকা–খোৱাৰ সকলো ব্যৱস্থা কৰি দিয়া হ’ব৷ এই ৭০গৰাকী আমন্ত্রিত অতিথিৰ লগতে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ–পূব প্রান্তৰ সভাপতি পৰমেশ দত্ত আৰু ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ উত্তৰ–পূবৰ সহঃ ক্ষেত্র প্রচাৰক বশিষ্ঠ বুজৰবৰুৱাও এই অনুষ্ঠানত উপস্থিত থাকিব৷ ইফালে, অযোধ্যাৰ পৰা ৰাম মন্দিৰ দর্শনৰ বাবে বিশ্ব হিন্দু পৰিষদে ৰাজ্যখনত বিতৰণ কৰিছে ২০ লাখ আমন্ত্রণী–পত্র আৰু অক্ষয় চাউল৷ এই আমন্ত্রণী–পত্র লাভ কৰাসকলে ২৪ ফেব্রুৱাৰীৰ পাছত ৰাম মন্দিৰ দর্শনৰ সুযোগ লাভ কৰিব৷ ইফালে, বিশ্ব হিন্দু পৰিষদৰ বিভিন্ন প্রান্তৰ পৰা অযোধ্যালৈ যাব লগা দলসমূহৰো মন্দিৰ দর্শনৰ সময় নির্ধাৰণ কৰি দিছে উদ্যোক্তাসকলে৷ যি ৭০গৰাকী সত্রাধিকাৰ–ধর্মগুৰু, ব্যক্তি–ক্রীড়াবিদে আমন্ত্রণী–পত্র লাভ কৰিছে, তেওঁলোকক অযোধ্যাত থকা–মেলাৰ সকলো বন্দৱস্ত উদ্যোক্তাসকলে কৰি দিব আৰু থকা স্থানৰ পৰা প্রায় এক কিলোমিটাৰ পদব্রজে গৈ প্রাণ প্রতিষ্ঠা অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰিব৷ নিৰাপত্তাৰ খাতিৰত আমন্ত্রিত অতিথিসকলে কোনোধৰণৰ সামগ্রী, বেগ, ম’বাইল ফোন আদি কঢ়িয়াই নিব নোৱাৰিব৷ উল্লেখ্য যে কালি ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ একাংশ প্রতিনিধিয়ে ৰাম মন্দিৰ দর্শনৰ বাবে সংবাদ প্রতিষ্ঠানৰ সম্পাদকসকলকো আমন্ত্রণ জনায়৷

You might also like