নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রৰ ভূ-বিজ্ঞানী পৰীক্ষাত ১৮সংখ্যক স্থান তিনিচুকীয়াৰ অংকিতাৰ

🔹 ভোগালীৰ উলাহৰ মাজতে এটি সুখবৰ

নিয়মীয়া বার্তা, ১৩ জানুৱাৰী : শুকুৰবাৰে নিশা কেন্দ্রীয় লোকসেৱা আয়োগে (হউ পি এছ চি) সংযুক্ত ভূ–বিজ্ঞানী পৰীক্ষা, ২০২৩ বর্ষৰ চূড়ান্ত ফলাফল ঘোষণা কৰে৷ এই পৰীক্ষাত তিনিচুকীয়াৰ অংকিতা ফুকনে সর্বভাৰতীয় পর্যায়ত অষ্টাদশ স্থান লাভ কৰি জিঅ’লজিকেল ছার্ভে অৱ ইণ্ডিয়াত (জি এছ আই) ভূ–বিজ্ঞানীৰূপে (গ্রুপ ‘এ’) নিযুক্তি লাভৰ বাবে নির্বাচিত হয়৷ তিনিচুকীয়াৰ বৰদলৈ নগৰ নিৱাসী উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্রাপ্ত ফাংচনেল মেনেজাৰ শিশিৰ ফুকন আৰু ৰজিতা শর্মা ফুকনৰ জ্যেষ্ঠ কন্যা অংকিতা ফুকনৰ কৃতিত্বত পিতৃ–মাতৃৰ লগতে তিনিচুকীয়াবাসী গৌৰৱান্বিত হৈ পৰিছে৷ পিতৃৰ চাকৰিসূত্রে শিলচৰৰ মহর্ষি বিদ্যামন্দিৰত স্কুলীয়া শিক্ষাৰ পাতনি মেলা অংকিতা ফুকনে পৰৱর্তী সময়ত তিনিচুকীয়া ইংলিছ একাডেমীৰ পৰা দশম আৰু বিজ্ঞান শাখাত দ্বাদশ শ্রেণীৰ পাঠ্যক্রম সাং কৰি কটন বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিষয়ত স্নাতক ডিগ্রী আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰা এপ্লাইড জিঅ’লজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছত বর্তমান উক্ত বিশ্ববিদ্যালয়ত পি এইচ ডি কৰি আছে৷ আনহাতে, একেটা পৰীক্ষাতে ৰাজ্যখনৰ আন কেইবাগৰাকী প্রার্থী সুখ্যাতিৰে উত্তীর্ণ হৈছে৷ তেওঁলোকৰ মাজত দীপাংকৰ সোণোৱাল, চিন্ময় বৰা, মীনাক্ষি দেউৰী, চয়নিকা মেচ, ডেভিদ ৰাজখোৱা অন্যতম৷

প্ৰেৰক সুৰজ দাস

You might also like