নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭২ মাহলৈ দৰমহা বঞ্চিত ৩০০ কর্মচাৰী

সুস্পষ্ট নীতিৰ অভাৱত মৃত্যুমুখী যাত্রা ২৪ উন্নয়ন প্রাধিকৰণৰ

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ সুস্পষ্ট নীতি আৰু পৰিকল্পনাৰ অভাৱত ক্রমাৎ মৃত্যুৰ মুখলৈ গতি কৰিছে ৰাজ্যৰ ২৪খন উন্নয়ন প্রাধিকৰণে৷ কার্যতঃ উপার্জনহীন হৈ পৰা এই উন্নয়ন প্রাধিকৰণসমূহৰ পুনৰ উজ্জীৱিতকৰণৰ হকে বছৰ বছৰ ধৰি আর্থিক অনুদান আগ নবঢ়োৱাত সন্মুখীন হৈছে তীব্র আর্থিক সংকটৰ৷ আনকি এই উন্নয়ন প্রাধিকৰণসমূহত কর্মৰত তিনি শতাধিক কর্মচাৰী ৭২ মাহপর্যন্ত দৰমহাৰ পৰা বঞ্চিত হৈ আছে৷ ক্রমাগতভাৱে এই প্রাধিকৰণসমূহত সৃষ্টি হোৱা দুৰৱস্থাৰ বাবে দৰমহাৰ পৰা বঞ্চিত হৈ হাহাকাৰৰ কৰিবলগীয়া হৈছে তিনি শতাধিক কর্মচাৰী৷

সোমবাৰে গুৱাহাটী প্রেছ ক্লাবত এশন সংবাদ মেলত এই কথা সদৰী কৰে সদৌ অসম উন্নয়ন প্রাধিকৰণ কর্মচাৰী ঐক্য মঞ্চৰ সভাপতি বাণীকান্ত বৰুৱাই৷ কর্মচাৰীসকলৰ চাকৰিৰ চৰম নিৰাপত্তাহীনতা আৰু আর্থিক সংকট সন্দর্ভত সংবাদ মেলত বৰুৱাই কয়– ‘বর্তমান কর্মচাৰীসকলে মাহৰ পাছত মাহ ধৰি ন্যায্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে৷ দেৰগাঁৱত ৪২ মাহ, লখিমপুৰত ৭২ মাহ, ডিব্রুগড়ত ৪০ মাহ, সোণাৰিত ৪৭ মাহ, গোৱালপাৰাত ৪২ মাহ, কৰিমগঞ্জত ২৮ মাহ, ধুবুৰীত ২৪ মাহ, জাগীৰোডত ৪১ মাহ, শিলচৰত দুমাহ, বৰপেটাত ৪৫ মাহ, নগাঁৱত ৪ মাহ, নাজিৰাত ৪৬ মাহ, শিৱসাগৰত ২৫ মাহ, গোলাঘাটত ১৯ মাহ, ধেমাজিত সাত মাহপর্যন্ত দৰমহাৰ পৰা কর্মচাৰীসকল বঞ্চিত হৈ আছে৷ এনে পৰিস্থিতিত চৰকাৰী অনুদান বিগত পাঁচটা বিত্তীয় বর্ষত প্রদান নকৰাত কর্মচাৰীসকলৰ পানীত হাঁহ নচৰা পৰিস্থিতি সৃষ্টি হৈছে৷’

তৎসত্ত্বেও এই কর্মচাৰীসকলে প্রতিকূলতাৰ মাজত নিজৰ কর্তব্য পালন কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্রাধিকৰণ কর্মচাৰী ঐক্য মঞ্চই বিভিন্ন সময়ত চৰকাৰক স্মাৰক–পত্র প্রদানেৰে দৃষ্টি আকর্ষণ কৰি আহিছে৷ চাকৰি নিয়মীয়াকৰণ, সেৱা বিধি বলৱৎ আদি বিভিন্ন দাবী উত্থাপন কৰি অহা হৈছে৷ বিভাগীয় মন্ত্রীৰ পৰা আৰম্ভ কৰি সংশ্লিষ্ট বিষয়ালৈকে বহুবাৰ সাক্ষাৎ কৰা হৈছে যদিও আজিপর্যন্ত চৰকাৰে কোনো ফলপ্রসূ ব্যৱস্থা গ্রহণ নকৰিলে৷ সেয়েহে বর্তমানৰ চৰকাৰখনক এক উচিত সিদ্ধান্ত গ্রহণ কৰি কর্মচাৰীসকলৰ সমস্যা সমাধানৰ আহ্বান জনাই বৰুৱাই কয়– ‘অসম নগৰ আৰু গাঁও পৰিকল্পনা আইনৰ অধীনত সমগ্র অসমত ২৪খন উন্নয়ন প্রাধিকৰণ গঠন কৰা হৈছে৷ মাটি বিক্রী, হস্তান্তৰ, গৃহ নির্মাণৰ আপত্তিবিহীন প্রমাণ–পত্র প্রদান আদি কামৰ জৰিয়তে প্রাধিকৰণসমূহে উপার্জন কৰি আহিছে৷ যাৰ জৰিয়তে কার্যালয় পৰিচালনাকে ধৰি বিষয়া–কর্মচাৰীৰ দৰমহাৰ ব্যয় বহন কৰা হয়৷ কিন্তু সংশ্লিষ্ট আইন সংশোধনৰ পাছত উন্নয়ন প্রাধিকৰণসমূহৰ আয়ৰ উৎস হ্রাস পাবলৈ ধৰে৷

ফলস্বৰূপে প্রাধিকৰণসমূহত কর্মৰত তিনি শতাধিক কর্মচাৰী নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে৷ চৰকাৰৰ সুস্পষ্ট নীতি তথা পৰিকল্পনাৰ অভাৱত প্রাধিকৰণসমূহ এক অস্তিত্বহীন আৰু গুৰুত্বহীন প্রতিষ্ঠানলৈ পর্যবসিত হোৱাৰ পথলৈ গতি কৰিছে৷ সংশ্লিষ্ট আইন সংশোধনীৰ সময়ত প্রাধিকৰণত কর্মৰত কর্মচাৰীসকলৰ নিৰাপত্তাৰ দিশটো বিবেচনা কৰিবলৈ সেই সময়ত চৰকাৰক বাৰম্বাৰ আহ্বান জনোৱা হৈছিল৷ কিন্তু এইক্ষেত্রত চৰকাৰে কোনো গুৰুত্ব প্রদান নকৰিলে৷ বিশেষকৈ ৰাজনৈতিক দৃষ্টিকোণেৰে নিয়োজিত সভাপতিসকলে সমূহীয়া কল্যাণৰ কথা চিন্তা নকৰা বাবে এই প্রাধিকৰণসমূহ মৃত্যুৰ কাষলৈ গতি কৰিছে৷’ নিজৰ ব্যক্তিগত লাভালাভৰ বাবে পাঁচ বছৰৰ পৰা ১৫ বছৰপর্যন্ত একেৰাহে একেজন সভাপতিয়ে চকী এৰি নিদিয়াৰ লগতে কর্মচাৰীসকলৰ আৰু প্রাধিকৰণসমূহৰ উন্নয়নৰ দিশটোৰ প্রতি সম্পূর্ণৰূপে পিঠি দি আহিছে বুলিও তেওঁ মন্তব্য কৰে৷

এই প্রসংগত তেওঁ কয়– ‘যি সময়ত নগৰীকৰণৰ দ্রুত পৰিৱর্তন ঘটিবলৈ আৰম্ভ কৰিছে, সেই সময়তে এই প্রাধিকৰণসমূহ অস্তিত্বহীন হৈছে৷ প্রাধিকৰণত নিয়োজিত একাংশ তোষামোদকাৰী, সামাজিক দায়বদ্ধহীন ব্যক্তিৰ হাতত এই উন্নয়ন প্রাধিকৰণসমূহৰ ভৱিষ্যৎ মুঠেও সুৰক্ষিত নহয়৷ যিটো সময়ত প্রাধিকৰণৰ কর্মচাৰীসকলে চৰম আর্থিক সংকটত ভুগিছে, সেই সময়ত ৰাজনৈতিকভাৱে সংস্থাপিত একাংশ সভাপতিয়ে নিজৰ উদ্দেশ্য সিদ্ধিত ব্যস্ত হৈ পৰিছে৷’ সেয়েহে ঐক্য মঞ্চই চাকৰিৰ নিৰাপত্তা, দৰমহা মুকলি, অৱসৰৰ পাছত আৰু কর্মৰত অৱস্থাত মৃত্যু হোৱা কর্মচাৰীৰ পৰিয়ালক পেন্সন, গ্রেছুইটী আৰু ভৱিষ্যনিধিৰ ধন প্রদানকে ধৰি কেইবাটাও দাবী শীঘ্রে পূৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে৷ অন্যথা আগন্তুক সময়ত গণতান্ত্রিকভাৱে আন্দোলনৰ পথ গ্রহণ কৰিব বুলিও তেওঁ সকীয়াই দিয়ে৷ আজিৰ সংবাদ মেলত ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক সঞ্জীৱ কুমাৰ বৰগোহাঁই উপস্থিত থাকে৷

You might also like