নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু মহিলাৰে মুছলমানৰ দ্বিতীয় বিবাহ অবৈধ

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ বিশেষ বিবাহ আইন–১৯৫৪ৰ এক ধাৰাৰ পর্যালোচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ প্রদান কৰিছে এক গুৰুত্বপূর্ণ ৰায়৷ এগৰাকী মহিলাই দাখিল কৰা ৬৮৬৭/২০১৯নং এখন লেখ আবেদনৰ শুনানিৰ ক্ষেত্রত বিশেষ বিবাহ আইনৰ এই ধাৰাৰ পর্যালোচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে কোনো ইছলামধর্মী লোকে যদি এগৰাকী হিন্দু মহিলাক দ্বিতীয় বিবাহ কৰায়, তেন্তে সেই বিবাহ অবৈধ হ’ব৷

উল্লেখ্য যে কামৰূপ জিলাৰ চাহাবুদ্দিন আহমেদ নামৰ এজন লোকে যোৱা ২০১৭ চনত মৃত্যু হোৱাৰ পাছত তেওঁৰ দ্বিতীয় পত্নীয়ে স্বামীৰ পেন্সনৰ ধন দাবী কৰিছিল৷ কামৰূপ জিলাৰ উপায়ুক্তৰ কার্যালয়ত লাট মণ্ডল হিচাপে কর্মৰত অৱস্থাত মৃত্যু হোৱা চাহাবুদ্দিন আহমেদৰ দ্বিতীয় পত্নীয়ে পেন্সনৰ অধিকাৰী বুলি কৰা এই দাবীৰ প্রসংগত উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে বিশেষ বিবাহ আইন–১৯৫৪ অনুসৰি কোনো ইছলামধর্মী লোকে যদি হিন্দু মহিলাক দ্বিতীয় বিয়া কৰায়, তেন্তে সেই বিবাহ অবৈধ হ’ব আৰু স্বামীৰ মৃত্যুৰ পাছত পাবলগীয়া পেন্সনকে ধৰি আন সা–সুবিধাৰ পৰাও দ্বিতীয় পত্নী বঞ্চিত হ’ব৷ ন্যায়ালয়ে এই লেখ আবেদনৰ বিভিন্ন দিশ পর্যালোচনাৰ অন্তত স্পষ্ট কৰি দিছে যে যিহেতু চাহাবুদ্দিনৰ দ্বিতীয় পত্নী হিন্দু আৰু তেওঁ চাহাবুদ্দিনৰ লগত ইছলাম ধর্ম অথবা ইছলামিক পৰম্পৰাৰে বিবাহত আবদ্ধ হোৱা নাই, বিবাহৰ পাছতো দ্বিতীয় পত্নীয়ে তেওঁৰ হিন্দু নাম সলনি কৰা নাই, সেয়েহে এই বিবাহ বৈধ নহয়৷ ন্যায়ালয়ে ইয়াকো আঙুলিয়াই দিয়ে যে এই বিবাহৰ বাবে গ্রহণযোগ্য কোনো তথ্য দ্বিতীয় পত্নীয়ে দাঙি ধৰিব পৰা নাই৷

তদুপৰি বিবাহৰ পাছতো আবেদনকাৰী পত্নীয়ে ইছলাম ধর্ম গ্রহণ কৰা অথবা ইয়াৰ ওপৰত বিশ্বাস ৰখাৰ কোনো উদাহৰণ–তথ্য দাখিল কৰিব পৰা নাই৷ উচ্চ ন্যায়ালয়ে আবেদনখনৰ পর্যালোচনাত স্পষ্ট কৰি দিয়ে যে হিন্দু মহিলাগৰাকীৰে হোৱা চাহাবুদ্দিনৰ দ্বিতীয় বিবাহ অবৈধ হোৱাৰ পাছত পেন্সনকে ধৰি পাবলগীয়া সা–সুবিধাৰ পৰা যদিও তেওঁৰ দ্বিতীয় পত্নী বঞ্চিত হ’ব, তথাপি দ্বিতীয় পত্নীৰ ফালৰ দুই সন্তানৰ নাবালক সন্তানটিয়ে অৱশ্যে পেন্সন আৰু অন্যান্য সা–সুবিধাৰ ধনৰ অংশ লাভ কৰিব৷ ন্যায়ালয়ে ইয়াৰ বাবে কামৰূপ জিলা প্রশাসনক এক নতুন আনুষ্ঠানিক প্রস্তাৱ পেন্সন সঞ্চালকালয়ক দাখিল কৰিবলৈ নির্দেশ দি চাহাবুদ্দিন আহমেদৰ পেন্সনৰ এটা অংশ তেওঁৰ দ্বিতীয় পত্নীৰ নাবালক সন্তানক দিবলৈ নির্দেশ দিছে৷

You might also like