বৰপেটা জিলাৰ আগশাৰীৰ প্ৰগতিশীল সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান ভেলেঙী সাহিত্য-সাংস্কৃতিক গোষ্ঠী, মন্দিয়াৰ সপ্তম বাৰ্ষিক অধিৱেশন দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মন্দিয়া আঞ্চলিক মহাবিদ্যালয় প্ৰাংগণত সম্পন্ন হয়। পুৱা ১০ বজাত সাহিত্য-সংস্কৃতিৰ অনুষ্ঠানটিৰ পতাকা উত্তোলেনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি বিশিষ্ট সাহিত্যিক নৱৰত্ন পাটোৱাৰীয়ে। পুৱা ১১ বজাত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে মন্দিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মমতাজ বেগমে। দিনৰ ১২ বজাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে বিশিষ্ট সাংস্কৃতিক কৰ্মী দিলীপ মেধি, অধ্যক্ষ দেৱান আব্দুছ ছাত্তাৰ, অধ্যক্ষ ড০ শ্বেখ ফাৰুক আহমেদ, ড০ হাফিজ আহমেদে।
আবেলি ১ বজাত সাহিত্য-সংস্কৃতিৰ অনুষ্ঠানটিৰ সভাপতি বিশিষ্ট সাহিত্যিক নৱৰত্ন পাটোৱাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত কণ্ঠশিল্পী জুৰফিয়াৰা আহমেদে বৰগীত পৰিৱেশন কৰে। মুকলি সভা উদ্বোধন কৰে চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ বিশিষ্ট সাহিত্যিক ড০ হাফিজ আহমেদে। অনুষ্ঠানটিত ভেলেঙী সাহিত্য-সাংস্কৃতিক গোষ্ঠী, মন্দিয়াৰ মুখপত্ৰ ‘ভেলেঙী’ উন্মোচন কৰি নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক বিশিষ্ট সাহিত্যিক ড০ সুশান্ত কুমাৰ কাশ্যপে সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি মূল্যৱান ভাষণ আগবঢ়ায়।
উক্ত অনুষ্ঠানত উপস্থিত থাকি নিৰ্দিষ্ট বক্তা ড০ শ্বেখ ফাৰুক আহমেদ, বিশিষ্ট অতিথি হাউলীৰ সুলেখক হজৰত আলী আহমেদ, এম মহিবৰ ৰহমান আদিয়ে ভেলেঙী সাহিত্য-সংস্কৃতিৰ অনুষ্ঠানটিৰ পদক্ষেপক উচ্চ প্ৰশংসা কৰাৰ লগতে তথ্যসমৃদ্ধ ভাষণ আগবঢ়ায়। ভেলেঙী সাহিত্য-সাংস্কৃতিক গোষ্ঠী, মন্দিয়াৰ সপ্তম বাৰ্ষিক অধিৱেশন উপলক্ষে সদৌ অসম ভিত্তিত আয়োজন কৰা গল্প আৰু কবিতা প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক বঁটা প্ৰদান কৰে। অনুষ্ঠানটিত শিক্ষা, স্বাস্থ্য সেৱা, কৃষি, সাহিত্য, ব্যৱসায়, খেল, চিত্ৰশিল্প আদি সমাজৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা কুৰিগৰাকী ব্যাক্তিক মানপত্ৰ, ফুলাম গামোচা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান পৰিচালনা কৰে সাহিত্য-সংস্কৃতিৰ অনুষ্ঠানটিৰ সম্পাদক সামেজ আহমেদে। ভেলেঙী সাহিত্য-সাংস্কৃতিক গোষ্ঠী, মন্দিয়াৰ এনে সুন্দৰ পদক্ষেপক সাহিত্যানুৰাগী সুধী সমাজে ভূয়সী প্ৰশংসা কৰে।
নিয়মীয়া বাৰ্তা, বাঘবৰ, ৫ জানুৱাৰী :