নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত ভাষাবিদ টাবুৰাম টাইদৰ সপ্তম মৃত্যুবাৰ্ষিকী পালন : ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : মাজুলী জিলাৰ নামনি মাজুলীৰ লোহিত খাবলুত আজি বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ টাবুৰাম টাইডৰ সপ্তম মৃত্যুবাৰ্ষিকী দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। লোহিত খাবলু মিচিং আগম কেবাঙৰ উদ্যোগত বৰালিমৰাৰ নামচিং গাডুম ৰংগমঞ্চত আজি দিনজোৰা কাৰ্যসূচীৰে বিশিষ্ট শিক্ষাবিদজনৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতি দিৱস উপলক্ষে আজি পুৱা পৰিৱেশ নিকাকৰণৰ পাছত “আগম মিগাং টাবুৰাম টাইদ”ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে লোহিত খাবলু আঞ্চলিক আগম কেবাঙৰ সভাপতি অনন্ত দলে আৰু লোহিত খাবলু টি এম পি কেৰ সভাপতি আনন্দ পেগুৱে । তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আধুনিক নৃত্য, কবিতা আবৃত্তি, টাবুৰাম টাইদৰ জীৱনৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা আৰু ঐনিতম প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
এঘাৰ বজাৰ পৰা নামচিং গাডুম ৰংগমঞ্চত লোহিত খাবলু আগম কেবাঙৰ সভাপতি অনন্ত দলেৰ সভাপতিত্বত অনুষ্ঠিত মুকলি স্মৃতিচাৰণ সভাখন ঘোষক হিচাপ পৰিচালনা কৰে মাজুলী জিলা টি এম পি কেৰ জিলা সমিতিৰ সদস্য নৱজিত পায়েঙে। লোহিত খাবলু আগম কেবাঙৰ সম্পাদক মজিত টাইদে আঁত ধৰা সভাত টাবুৰাম টাইডৰ জীৱন আৰু কৰ্মৰাজিৰ মূল্যায়ন কৰি ভাষণ প্ৰদান কৰে বিশিষ্ট শিল্পী তথা পাথৰিচুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰ চিৰাং, মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৩নং লোহিত পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য মুকুল পেগু, মাজুলী জিলা এম এম কেৰ সম্পাদক নৱ দলে, টি এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সহ: সম্পাদিকা দীপ্তি পাদুন দলে আৰু গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰবক্তা যদু কলিতাই ভাষণ প্ৰদান কৰে।
উক্ত মুকলি সভাত লোহিত খাবলু আঞ্চলিক টি এম পি কে, এম এম কে আৰু টি এম এম কে, মিচিং আগম কেবাং, মিচিং দৃৰবি কেবাঙৰ শতাধিক প্ৰতিনিধিৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মাজুলী জিলা টি এম পি কেৰ উপ-সভাপতি গোবিন্দ পেগু, শিক্ষা সম্পাদক সঞ্জীৱ চিৰাং, মাজুলী জিলা টি এম এম কেৰ উপ-সভানেত্ৰী নিভাৰাণী দলে আৰু জ্যোৎস্না দলে আদিয়ে অংশগ্ৰহণ কৰে।
তাৰ পিছত লোহিত খাবলু মিচিং আগম কেবাং আৰু মিচিং দৃৰবি কেবাঙৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।  উক্ত স্মৃতিচাৰণ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয়।
লোহিত খাবলুৰ ৰাইজে উক্ত স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰা বাবে লোহিত খাবলু আঞ্চলিক মিচিং আগম কেবাঙৰ ভাৰপ্ৰাপ্ত সভাপতি অনন্ত দলে আৰু সম্পাদক মজিত টাইদে ধন্যবাদ জ্ঞাপন কৰে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 
You might also like