বৰপেটাৰ মন্দিয়া আদৰ্শ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ শ্বেখ ৰাহুল আমিন মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। উল্লেখ্য যে মন্দিয়াৰ ২ নং বৰদলনি গাঁৱৰ বছিৰ আলীৰ সন্তান আছিল নিৰুদ্দিষ্ট শ্বেখ ৰাহুল আমিন।
প্ৰতিদিনৰ দৰে মঙ্গলবাৰৰ পুৱা ৭ বজাত ৰাহুল আমিনে দেউতাকৰ পৰা ৩০ টকা ই-ৰিক্সাৰ ভাড়া খুজি স্কুলীয়া ইউনিফৰ্ম পিন্ধি টিউচনলৈ আহে আৰু টিউচন অন্ততঃ ৰাহুলে বিদ্যালয় যাব বুলি ঘৰৰ পৰা পিতৃক কৈ ওলাই আহে । কিন্তু ৰহস্যজনকভাৱে ৰাহুলে মঙলবাৰ পুৱা ৭ বজাত ঘৰৰ পৰা ওলাই অহাৰ পিছত তেওঁ টিউচনলৈ নগ’ল।
আনকি শেষত তেওঁ বিদ্যালয়লৈয়ো নগ’ল। কিন্তু ক’ত গ’ল ৰাহুল আমিন। আবেলি ৪ বজাত যেতিয়া দেউতাকে টিউচন শিক্ষক আৰু স্কুল কৰ্তৃপক্ষক ফোনযোগে যোগাযোগ কৰাত ৰাহুল টিউচন আৰু বিদ্যালয়লৈ নোযোৱাৰ কথা উল্লেখ কৰাত পৰিয়ালত লাগে হাহাকাৰ।
তাৰ পিছৰ পৰাই পৰিয়ালে সকলো ঠাইতে বিচাৰ খোচাৰ কৰি আছে যদিও ৰাহুলৰ কোনো শুংসূত্ৰ লাভ কৰা নাই। গোটেই নিশা পৰিয়ালৰ লোক উজাগৰে পাৰ কৰিলে। সেয়ে এতিয়া ভুক্তভোগী ৰাহুলৰ মাতৃয়ে কান্দি কান্দি সু-হ্দজনৰ সহায় ভিক্ষা বিচাৰিছে।
অৱশ্যে ইতিমধ্যে ৰাহুল আমিন নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে পৰিয়ালৰ লোকে। সেয়ে যদি কোনো হৃদয়ৱান লোকে ৰাহুল সন্ধান লাভ কৰে তেন্তে পৰিয়ালৰ লোকৰ 9957903181আৰু 6001381102 নম্বৰত ফোন কৰিবলৈ মাতৃ আৰু পিতৃয়ে কান্দি কান্দি অনুৰোধ জনাইছে।
নিয়মীয়া বাৰ্তা, বাঘবৰ, ২৫ ফেব্ৰুৱাৰী