জুবিন গার্গৰ হত্যা গোচৰৰ তদন্ত প্রক্রিয়া ক্ষিপ্র কৰাৰ বাবে উঠি থকা ফাষ্টট্রেক আদালতৰ দাবীক লৈ প্রতিক্রিয়া প্রকাশ কৰিছ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷মুখ্যমন্ত্রী ড০ শর্মাই জুবিন গার্গৰ হত্যাৰ প্রসংগত কয়– ফাষ্টট্রেক আদালত সন্দর্ভত আমি পৰিয়ালৰ সৈতে আলোচনা কৰিম৷ বর্তমান গোচৰ চলি থকা আদালতে এজনো অভিযুক্তক জামিন প্রদান কৰা নাই৷ কেইবাবাৰো জামিনৰ আবেদন নাকচ হৈছে৷ ফাষ্টট্রেক আদালতত এই গোচৰটো যোৱাৰ লগে লগে যদি জামিন হৈ যায়, সেই দোষ যাতে মোৰ ওপৰলৈ নাহে৷ এই বিষয়বোৰ আলোচনা কৰিহে ফাষ্টট্রেক আদালতৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব৷
মুখ্যমন্ত্রীয়ে কয়– যদি ক’ৰবাৰ পৰা ভাল ফলাফল লাভ কৰি থকা হয়, তেন্তে তাক সলনি কৰা নহয়৷ কিন্তু এতিয়া দাবী উঠিছে যে য’ৰ পৰা ভাল ফলাফল আহি আছে তেওঁক সলনি কৰিব লাগে৷ গোচৰ প্রক্রিয়া লেহেমীয়া হ’লেও অভিযুক্ত এতিয়াও কাৰাগাৰতে আছে৷ যিসকলে সমগ্র প্রক্রিয়া লেহেমীয়া বুলি মন্তব্য কৰি আছে, তেওঁলোকে বুজি পোৱা নাই সিদ্ধার্থ শর্মা–শ্যামকানু মহন্ত জে’লত থকাৰ ৪–৫ মাহৰ বেছি সময় অতিক্রম কৰিলে৷ এতিয়াও জে’লৰ পৰা ওলাব পৰা নাই৷ এয়া বৃহৎ সফলতা নহয় জানো?
মুখ্যমন্ত্রীয়ে কয়– কিছু লোকে অভিযোগনামা দুর্বল বুলি উল্লেখ কৰি আছে৷ কিন্তু অভিযোগনামা দুর্বল হয় নে নহয়, সেয়া আদালতহে চূড়ান্ত কৰিব৷ এইবোৰ বিষয় গোচৰ চলি থকাৰ সময়ত আলোচনা হ’ব নালাগে৷ এই লোকসকলৰ মানসিকতাটো কিমান নেতিবাচক সেয়া স্পষ্ট হৈছে৷ এওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান কৰা নাছিল৷ যিসকলে জীৱনকালত জুবিনক সন্মান কৰা নাছিল, তেওঁলোকেহে জুবিনৰ ওপৰত প্রশ্ন তোলে৷ জুবিনক ভালপোৱাসকলে প্রশ্ন নোতোলে৷ কেতিয়াবা জীৱনত অখিল গগৈক জুবিনৰ সৈতে দেখা পাইছিল নেকি? মৰাণত জুবিন গার্গক আনিব নালাগে বুলি প্রস্তাৱ লৈছিল অখিল গগৈয়ে৷
মুখ্যমন্ত্রীৰ মন্তব্য– জুবিনক ভাল পোৱা লোকসকলৰ সমর্থন মোৰ ওচৰত আছে৷ যিসকলৰ সমর্থ নাই, তেওঁলোকক মই একো কৰিব নোৱাৰোঁ৷
ডিজিটেল ডেস্ক, ২৫ ফেব্রুৱাৰী