নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UPPL নে আন দলত কৰিব যোগদান : শীঘ্ৰে ৰাজনীতিলৈ এবছুৰ সভাপতি দ্বীপেন বড়ো

শীঘ্ৰে সক্ৰিয় ৰাজনীতিত ভৰি দিব নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই। এবছুৰ মজিয়াৰ পৰা অৱসৰ গ্ৰহণ কৰি সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ ছাত্ৰ নেতা জনৰ।

ইতিমধ্যে সংগঠনৰ মজিয়াৰ পৰা বিদায় বিচাৰি এবছুৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে সভাপতিগৰাকীয়ে। সমিতিৰ সন্মতি লাভৰ পিছতেই ৰাজনৈতিক দলত যোগদান কৰিব দ্বীপেন বড়োই।

ইতিমধ্যে ওদালগুৰি আৰু ভেৰগাঁও সমষ্টিত চৰ্চিত হৈছে দ্বীপেন বড়োৰ নাম। আগন্তুক বিধানসভা নিৰ্বাচনত যিকোনো এটা সমষ্টিৰ প্ৰাৰ্থী হ’ব পাৰে নেতাজন। বৰ্তমানো দ্বীপেন বড়োই সংগঠনত দায়িত্বত আছে বাবে এতিয়াও ৰাজহুৱা কৰা নাই নেতাজনৰ পৰৱৰ্তী ৰাজনৈতিক মঞ্চৰ নাম।

অৱশ্যে UPPL দলতে যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে নেতা জনৰ। UPPLত দ্বীপেন বড়ো যোগদান কৰাৰ পিছতে স্বাভাৱিকতে বৃদ্ধি পাব দলটোৰ মনোবল। ২০২০ চনৰ পৰা এতিয়ালৈ ৫ বছৰৰো অধিক কাল এবছুৰ সভাপতি হিচাপে থকা দ্বীপেন বড়ো ইতিমধ্যে পৰিচিত হৈ পৰিছে এগৰাকী শক্তিশালী নেতা হিচাপে। নেতা জনৰ ৰাজনৈতিক পৰিচয়কলৈ এতিয়া বিটিআৰত চলিছে ব্যাপক গুনাগঁঠা।

ডিজিটেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী

You might also like