নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মাৰ্চৰ পুৱা ১০.৩০ বজাত অৰুণোদয় হিতাধিকাৰীলৈ ৯ হাজাৰকৈ টকা

ডিজিটেল ডেস্ক, ৮ মাৰ্চ : আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা অসমৰ মাতৃ-ভগ্নীসকলৰ বাবে এক বিশেষ উপহাৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে ৰাজ্যখনৰ ৪০ লাখ অৰুণোদয় পৰিয়ালক ১০ মাৰ্চৰ পুৱা ১০.৩০ বজাত ৯,০০০ টকাকৈ দিয়া হ’ব।

আজি (৮ মাৰ্চ) ‘জন আশীৰ্বাদ যাত্রা’ৰ পূৰ্বে ড° শৰ্মাই ফেচবুক লাইভযোগে এই ঘোষণা কৰে। ৰাজ্যৰ ৪০ লাখ মহিলাই একাউণ্টযোগে লাভ কৰিব এই ধন। অৰুণোদয় আঁচনিৰ অধীনত এই ধন বিতৰণত মুঠ ৩,৬০০ কোটি টকা খৰচ হ’ব। উক্ত দিনা ৰাজ্যৰ প্রতিখন গাঁও পঞ্চায়ত, বিটিচিৰ ভিচিডিচি আৰু নগৰ এলেকাত অনুষ্ঠিত হ’ব বিশেষ সভা। মহিলা হিতাধিকাৰীসকলে সভাত উপস্থিত থকাৰ সময়তে প্রতিগৰাকী মহিলাৰ একাউণ্টত সোমাব আঁচনিৰ ধন। সভাত প্রতিগৰাকী মহিলাক অংশগ্রহণৰ বাবে আহ্বান জনায় মুখ্যমন্ত্রী ড০ শৰ্মাই।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- এই আৰ্থিক সহায়ে ৰাজ্যৰ দুৰ্বল পৰিয়ালসমূহক যথেষ্ট সকাহ প্ৰদান কৰিব। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে ৰাজ্যৰ মহিলা হিতাধিকাৰীসকলে মুখ্যমন্ত্ৰী ড° শৰ্মাক আন্তৰিক কৃতজ্ঞতা জনায়, কিয়নো এই সহায়ে পৰিয়ালৰ খৰচ ব্যৱস্থাপনা আৰু জীৱনৰ মান উন্নত কৰাত যথেষ্ট সহায় কৰিব বুলি প্ৰকাশ কৰে।

You might also like