নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰভাগত আন্তৰ্জাতিক নাৰী দিৱসত দুই অৱসৰী শিক্ষয়িত্ৰীক সম্বৰ্ধনা 

নলবাৰী জিলাৰ মূলাগাভৰু- এক নাৰী কণ্ঠৰ উদ্যোগত বৰভাগৰ উলাবড়ী-পশ্চিম নখেতি মিলন এম ই স্কুলত আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। দিৱস উপলক্ষে দক্ষিণ উলাবড়ী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী অনুপমা পাটোৱাৰী কলিতা আৰু বৰভাগ আদৰ্শ নিকেতনৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী মামণি মেধিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে মূলাগাভৰু-এক নাৰীকণ্ঠৰ সভানেত্ৰী মনোৱাৰা বেগমৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে গ্ৰামীণ বিকাশ সংস্থা, বৰভাগৰ মুখ্য সচিব ৰঞ্জিত দাসে।

সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দীপ্তি ডেকা, সমাজসেৱিকা চন্দনা বৰ্মনে নাৰী দিৱসৰ ওপৰত বক্তব্য প্ৰদান কৰে। সম্বৰ্ধিত দুয়োগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ ভাব প্ৰকাশ কৰে। সভাত সমাজকৰ্মী অতুল কলিতা, বিশিষ্ট নৃত্যশিল্পী হীৰামণি বৰুৱাৰ লগতে শতাধিক মহিলা উপস্থিত থকা সভাখনত শিক্ষয়িত্ৰী দুগৰাকীক গামোচা, মানপত্ৰ, স্মাৰক আদিৰে সম্বৰ্ধনা জনোৱা হয় ।

নিয়মীয়া বাৰ্তা, বৰভাগ, ৮ মাৰ্চ :
You might also like