নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা বিশেষ আঁচনি বিনামূলীয়া বাইচাইকেল বিতৰণী সভাখন আজি হোজাই জিলা সদৰ শংকৰদেৱ নগৰত অনুষ্ঠিত হৈ যায় । হোজাইৰ মুঠ ৭৪খন বিদ্যালয়ৰ ৯০৮৪খন চাইকেল নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হয়। সভাখনত সভাপতিত্ব কৰে জিলা আয়ুক্ত লাচিত দাসে । সমৱেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত উপস্থিত থাকে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱী আৰু জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত সুনাখী ব্ৰহ্ম আদি । ছাত্ৰ-ছাত্ৰীসকলে যাতে কোনো কাৰণত নিজৰ লক্ষ্যৰ পৰা বিচলিত হ’ব লগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সমল ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ।
প্ৰেৰক কিশলয় ডি গোস্বামী