নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ, ১২ অক্টোবৰ : উত্তৰ-পূব ভাৰতৰ আধ্যাত্মিক সনাতনী সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰীশ্ৰীহৰিমন্দিৰ। ১৯৩৩ চনৰ পৰা অসমৰ জ্ঞান-প্ৰজ্ঞা নগৰী নলবাৰীত প্ৰতিষ্ঠা হোৱা পৱিত্ৰ শ্ৰীশ্ৰীহৰিমন্দিৰৰ সৌজন্যত নলবাৰীৰ ৰাস মহোৎসৱ এক স্বকীয় পৰম্পৰা আৰু ঐতিহ্যৰে ক্ৰমাৎ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰি নান্দনিক কলাৰে বৰ্ণিল হোৱাৰ উপৰি ৰাস মহোৎসৱৰ তাত্ত্বিক, আধ্যাত্মিক, সাংস্কৃতিক দিশৰ লগতে অৰ্থনৈতিক দিশতো সমানে গুৰুত্ব লাভ কৰি আহিছে। এই বৰ্ষত ৯২ সংখ্যক ৰাস মহোৎসৱ হিচাপে অহা ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ তেৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নলবাৰী ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।
ৰাস মহোৎসৱক লৈ প্ৰতি বছৰে স্হায়ী ব্যৱসায়ীসকলৰ লগতে অস্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠান, ক্ষুদ্ৰ ব্যৱসায়ীসকলে আৰ্থিকভাৱে কিছু সকাহ লাভ কৰে। ইতিমধ্যে ৯২ সংখ্যক ৰাস মহোৎসৱত বিভিন্ন উপ-সমিতিৰ গঠন কৰাৰ উপৰি খ’লা বিভাগে ব্যাপক তৎপৰতা চলাই আহিছে। ৯২সংখ্যক ৰাস মহোৎসৱ সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই হৰি মন্দিৰৰ স্থায়ী সমিতিৰ সাধাৰণ সম্পাদক নলিনী কান্ত শীলক সভাপতি, কাৰ্যনিৰ্বাহক সদস্য দিলজিৎ বৰ্মন আৰু অক্ষয় ডেকাক খ’লা বিভাগৰ সম্পাদকৰ দায়িত্ব দিছে। আনহাতে, খ’লা বিভাগে নলবাৰী চহৰৰ ৰাস খলাৰ বিভিন্ন স্হানত ব্যৱসায়ীসকলে দিব বিচৰা অস্থায়ী দোকান, বিভিন্ন বিভাগৰ প্ৰদৰ্শনী বিক্ৰী কেন্দ্ৰ ইত্যাদিৰ বাবে প্ৰ পত্ৰ অহা ১৫ অক্টোবৰৰ পৰা দিয়া হ’ব বুলি জাননী জাৰি কৰিছে। ১৫ অক্টোবৰত নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগণত পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি সম্পাদকদ্বয়ে জানিবলৈ দিয়ে।
প্ৰেৰক বীৰেন কলিতা