শিমলীতোলাত বুজন পৰিমাণৰ শালগছৰ কুণ্ডা জব্দ, আটক এজন
সম্প্ৰতি চোৰাং কাঠৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে বন বিভাগ। গোৱালপাৰাৰ পূৱ প্ৰান্তৰ শিমলীতোলাত বন বিভাগৰ আজিৰ এক অভিযানত জব্দ হয় বুজন পৰিমাণৰ শাল কাঠৰ কুণ্ডা, আটক কৰা হয় এজনক।
জিলা বন প্ৰাধিকাৰী তেজস্ব মৰিস্বামীৰ নিৰ্দেশ মৰ্মে বুধবাৰৰ দুপৰীয়া শিমলীতোলা খণ্ড বন কাৰ্যালয় আৰু জিলা বন সুৰক্ষা বাহিনীয়ে যুটীয়াকৈ এক অভিযান চলায়। অভিযানত আল্লীবাৰী গাঁৱৰ পৰা বিক্ৰী কৰিবলৈ কটা ৮ডালকৈ শালগছৰ মুঠ ১৭টা টুকুৰা জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে এই ঘটনাত জড়িত ৰূপম ৰাভা নামৰ এজনক আটক কৰে দলটিয়ে।
লোকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ লগতে কাঠখিনি খণ্ড বন কাৰ্যালয়ত জমা ৰখা হয়। খণ্ড বন বিষয়া কনক ডেকা আৰু জিলা বন সুৰক্ষা বাহিনীৰ নীলম কুমাৰ দাসৰ নেতৃত্বত চলিছিল এই অভিযান। জব্দকৃত কাঠখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪০ হাজাৰ হ’ব বুলি খণ্ড বন বিষয়াগৰাকীয়ে জনাইছে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৫ জুলাই