নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৩.১% মেট্রিকত উত্তীর্ণৰ অভিলেখ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ বহু প্রতীক্ষা, আলোচনা আৰু বিতর্কৰ অন্তত শুকুৰবাৰে ঘোষণা কৰা হ’ল ২০২১ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ ক’ভিড পৰিস্থিতিৰ জটিলতাৰ বাবে চলিত বর্ষত বাতিল কৰা হয় হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্রাছা পৰীক্ষা৷ তাৰ সলনি শিক্ষা বিভাগে বিশেষভাৱে সমিতিৰ সহযোগত বিকল্প মূল্যায়ন পদ্ধতি নিৰূপণ কৰে৷ সেই অনুসৰি পৰীক্ষার্থীসকলক নৱম শ্রেণীৰ পাৰদর্শিতাৰ ভিত্তিত ৪০ নম্বৰ, দশম শ্রেণীৰ পাৰদর্শিতাৰ ভিত্তিত ৪০ নম্বৰ আৰু আভ্যন্তৰীণ মূল্যায়নৰ জৰিয়তে ২০ নম্বৰ প্রদানৰ ব্যৱস্থা কৰা হয়৷ এই পদ্ধতি অনুসৰিয়ে শুকুৰবাৰে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷

বিকল্প মূল্যায়ন নীতিৰে ঘোষিত ফলাফল অনুসৰি এইবাৰ ৯৩.১০ শতাংশ পৰীক্ষার্থী উত্তীর্ণ হয়৷ উত্তীর্ণৰ হাৰৰ ক্ষেত্রত এয়া সর্বকালৰ সর্বাধিক উত্তীর্ণৰ হাৰ৷

উল্লেখ্য যে চলিত বর্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষার্থীৰ সংখ্যা হ’ল ৪,২৬,৫৫৩গৰাকী৷ ইয়াৰে ৩,৯৭,১৩২গৰাকীয়ে বিকল্প মূল্যায়ন নীতি অনুসৰি উত্তীর্ণ হয়৷ ইয়াৰে ৮৮,৫২১গৰাকীয়ে প্রথম বিভাগ, ১,৬০,২৯৮গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১,৪৮,৩১৩গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ উত্তীর্ণসকলৰ ভিতৰত ১০,৩৪৮গৰাকীয়ে ডিষ্টিংচন নম্বৰ আৰু ২০,০৯২গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ছাত্রৰ উত্তীর্ণৰ হাৰ ৯৩.৩৪ শতাংশ আৰু ছাত্রীৰ উত্তীর্ণৰ হাৰ ৯২.৯০ শতাংশ৷ লক্ষণীয়ভাৱে এইবাৰৰ উত্তীর্ণৰ হাৰে পূর্বৰ সকলো অভিলেখ ভংগ কৰে৷ পূর্বৰ পাঁচটা বছৰত উত্তীর্ণৰ হাৰ আছিল এনেধৰণৰ– ২০১৬ চনত ৬২.৭৯ শতাংশ, ২০১৭ চনত ৪৭.৯৪ শতাংশ, ২০১৮ চনত ৫৬.০৪ শতাংশ, ২০১৯ চনত ৬০.২৩ শতাংশ আৰু ২০২০ চনত ৬৪.৮০ শতাংশ৷ ইয়াৰ বিপৰীতে ২০২১ চনত উত্তীর্ণৰ হাৰ হ’ল ৯৩.১০ শতাংশ৷ একেদৰে হাইমাদ্রাছা পৰীক্ষাতো উত্তীর্ণ হয় ৯৩.১৮ শতাংশ পৰীক্ষার্থী৷ ইয়াৰে ৯৩.৫৮ শতাংশ ছাত্র আৰু ৯২.৯৩ শতাংশ ছাত্রী৷ হাইমাদ্রাছা পৰীক্ষাত এইবাৰ মুঠ পৰীক্ষার্থী আছিল ১২,২৭৫গৰাকী৷ উত্তীর্ণ হয় ১১,৪৩৮গৰাকী৷ উত্তীর্ণসকলৰ ভিতৰত ১,৭৫৯গৰাকীয়ে প্রথম বিভাগ, ৫,৫৮৬গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪,০৯৩গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ হাইমাদ্রাছা পৰীক্ষাত ৮৩গৰাকীয়ে ডিষ্টিংচন আৰু ২৮৮গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ছাত্র–ছাত্রীসকলে গুগ্ল প্লে ষ্টোৰত‘SEBA RESULT 2021’ ডাউনলোড কৰি ফলাফল লাভ কৰিব পাৰিব৷ এই মার্কশ্বীটেৰে ছাত্র–ছাত্রীসকলে একাদশ শ্রেণীত নামভর্তি কৰিব পাৰিব৷ পৰৱর্তী সময়ত ছেবাই জাননী জাৰি কৰি অৰিজিনেল মার্কশ্বীট আৰু চার্টিফিকেটসমূহ বিতৰণ কৰিব বুলি আজি ছেবাৰ সচিবগৰাকীয়ে জানিবলৈ দিয়ে৷

ইপিনে, প্রতিখন জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তগৰাকীৰ নেতৃত্বত ‘Grievance redressal committee’ গঠন কৰা হৈছে৷ এই কমিটীয়ে ফলাফলক লৈ থকা ছাত্র–ছাত্রীৰ অভিযোগসমূহ নিৰাময় কৰিব৷ তদুপৰি বিশেষ মূল্যায়নৰ ফলাফলক লৈ যদি কোনো ছাত্র–ছাত্রী সন্তুষ্ট নহয়, তেনেহ’লে তেওঁলোক ‘বিশেষ পৰীক্ষা’ত অৱতীর্ণ হ’ব পাৰিব৷ এইক্ষেত্রত ছাত্র–ছাত্রীসকলে ৬খন ‘থিয়’ৰী’ পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব৷ যাৱতীয় আভ্যন্তৰীণ মূল্যায়ন আৰু ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ ইতিমধ্যে ছেবাৰ হাতত মজুত থকা তালিকাৰ পৰা সংযোগ কৰা হ’ব৷ বিশেষ পৰীক্ষাত অৱতীর্ণ হোৱা ছাত্র–ছাত্রীসকলৰ ক্ষেত্রত ইতিমধ্যে তেওঁলোকৰ হাতত উপলব্ধ হোৱা বিদ্যালয় মূল্যায়ন কমিটীয়ে যুগুত কৰা ‘ডিজিটেল মার্কশ্বীট’সমূহৰ বৈধতা বাতিল কৰা হ’ব আৰু পুনৰ তেওঁলোকক বিশেষ পৰীক্ষাৰ মার্কশ্বীট আৰু চার্টিফিকেট প্রদান কৰা হ’ব৷ বিশেষ পৰীক্ষাত অৱতীর্ণ হ’ব খোজা ছাত্র–ছাত্রীসকলে ছেবাৰ ৱেবছাইট ‘Sebaonline.org’ৰ দ্বাৰা সংশ্লিষ্ট বিদ্যালয়ৰ যোগেদি অনলাইন প্র–পত্র পূৰণ কৰিব পাৰিব৷ ইয়াৰ বাবে ছেবাৰ অনলাইন প’র্টেল ৫ আগষ্টৰ পৰা ১২ আগষ্টলৈ উপলব্ধ হ’ব৷ বিশেষ পৰীক্ষাৰ সময়সূচী পৰৱর্তী সময়ত ঘোষণা কৰা হ’ব৷

You might also like