নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভলীনাৰ সোণ জয়ৰ বাবে অসমৰ ৰাইজে প্রার্থনা কৰক

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ ইতিহাস ৰচি অসম কন্যা লাভলীনা বৰগোহাঁয়ে টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে উৎসাহ৷ অসম জীয়ৰীৰ এনে সাফল্যক লৈ শুকুৰবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লাভলীনাক শুভেচ্ছা জনোৱাৰ লগতে অসমলৈ তেওঁ স্বর্ণ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে৷

আজিৰ বিজয়ৰ পাছত সাংবাদিকৰ আগত প্রতিক্রিয়া প্রকাশ কৰি কয়– অসমবাসীয়ে প্রার্থনা কৰক যাতে লাভলীনাই সোণৰ পদক লাভ কৰে৷ ব্রঞ্জ আমাৰ লক্ষ্য নহয়৷ সেয়েহে প্রার্থনা কৰিব লাগে তেওঁ যাতে আমাৰ বাবে স্বর্ণপদক লৈ উভতি আহিব পাৰে৷ আজি বহুতে আনন্দ কৰিছে কিন্তু নেদেখাজনৰ ওচৰত আগন্তুক খেলসমূহৰ বাবে প্রার্থনা কৰিব লাগে যাতে লাভলীনাই সোণৰ পদক পায়৷ অহা ৪ আৰু ৭ আগষ্টলৈ এই গোটেইকেইটা দিন অসমৰ ৰাইজে লাভলীনাৰ বাবে প্রার্থনা কৰক৷

ইফালে লাভলীনাৰ এই সাফল্যৰ বাবে ৰাজ্য চৰকাৰে ৫০ লাখ টকা পুৰস্কাৰৰ লগতে বক্সাৰগৰাকীক প্রথম শ্রেণীৰ চাকৰি প্রদানৰ কথা ঘোষণা কৰিছে৷ ক্রীড়ামন্ত্রী বিমল বৰাই লাভলীনাৰ সাফল্যক শুভেচ্ছা জনাই কয়– এয়া অসমবাসীৰ বাবে অতিশয় আনন্দৰ দিন৷ এয়া অসমৰ বাবে ইতিহাসৰ দিন৷ আজি ৰাজ্যৰ লগতে দেশৰ প্রতিজন ব্যক্তিয়ে লাভলীনাৰ গৌৰৱেৰে গৌৰৱান্বিত৷ লাভলীনাই যাতে স্বর্ণপদক কঢ়িয়াই আনিব পাৰে, তাৰ বাবে তেওঁক পুনৰ শুভেচ্ছা জনাইছোঁ৷

You might also like