নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষামন্ত্রীৰ সঁহাৰিৰ অপেক্ষাত ৯৩ স্কুলৰ শিক্ষক

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ শিক্ষা বিভাগে একেদিনাই ২৯ সহস্রাধিক শিক্ষকক নিযুক্তি প্রদান কৰিলেও একাংশ শিক্ষকে এতিয়াও হা–হুমুনিয়াহৰ মাজতে দিন কটাবলগীয়া হৈছে৷ এইসকল শিক্ষকৰ বহুতেই এতিয়া মহানগৰীত বাহৰ পাতি শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সঁহাৰিলৈ অপেক্ষা কৰিছে৷ ইপিনে, চৰম অনিশ্চয়তাৰ সন্মুখীন হৈছে হাইস্কুলসমূহত কর্মৰত সংগীত শিক্ষকসকলো৷ বুধবাৰে অসম হাইস্কুল সংগীত শিক্ষক সংস্থাৰ সম্পাদক নুৰুল ইছলামে এখন সংবাদ মেলত কয় যে ২০১৩ চনৰ ৫ মার্চত হাইস্কুলৰ শিক্ষক–কর্মচাৰীৰ পদসমূহ প্রাদেশিকীকৰণ কৰা হ’ল৷ সেই সময়ত শিক্ষামন্ত্রীগৰাকীয়ে সংগীত শিক্ষকৰ পদসমূহ দুই মাহৰ ভিতৰত প্রাদেশিকীকৰণ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ শিক্ষামন্ত্রীৰ নির্দেশমর্মে মাধ্যমিক শিক্ষা সঞ্চালকে ২১৪জন সংগীত শিক্ষকক বাছনি কৰি বিত্ত বিভাগলৈ অনুমোদনৰ বাবে প্রেৰণ কৰিছিল৷

কিন্তু আজিলৈ বিত্ত বিভাগে এইক্ষেত্রত প্রয়োজনীয় অনুমোদন নজনালে৷ যাৰ বাবে এইসকল শিক্ষক হতাশাত ভুগিছে৷ শেহতীয়াকৈ ২৫–৩০ বছৰ ধৰি মানৱ সম্পদ গঢ়াৰ কামত নিয়োজিত হৈ থকা সংগীত শিক্ষক আৰু সকলো শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দিছে যদিও ২০১৭ৰ আছাম এডুকেচন বিলত আৰোপ কৰা ধাৰা–উপধাৰাই জাপি দিয়া ছাত্র–ছাত্রীৰ সংখ্যা, শিক্ষাগত অর্হতাৰ চর্চাই সংগীত শিক্ষকসকলক টিউটৰ হোৱাৰ পৰাও বঞ্চিত কৰিছে৷ সেয়ে এইসকল সংগীত শিক্ষকৰ মর্মবেদনা উপলব্ধি কৰি টিউটৰ হিচাপে হ’লেও নিযুক্তিৰ বাবে অসম হাইস্কুল সংগীত শিক্ষক সংস্থাই আহ্বান জনাইছে৷ আনহাতে, প্রাদেশিকীকৰণৰ পৰা বঞ্চিত ৯৩খন বিদ্যালয়ৰ শিক্ষকৰো একে হাহাকাৰ অৱস্থা৷ এনে একাংশ শিক্ষকে আজি প্রকাশ কৰা মতে, ২০২০–২১ চনৰ বিত্তীয় বর্ষত ৩৫৮খন হাইস্কুল প্রদেশিকীকৰণৰ সিদ্ধান্ত গৃহীত হয় যদিও ইয়াৰে ২৬৫খনহে প্রাদেশিকীকৰণ হ’ল৷ ফলত বাকী ৯৩খন বিদ্যালয়ত বিনা বেতনে শিক্ষকতা কৰি অহা শিক্ষক–কর্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷ নিযুক্তিৰ তালিকাত অন্তর্ভুক্ত নোহোৱা বহু শিক্ষকে মহানগৰীতে বাহৰ পাতি শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সঁহাৰিলৈ অপেক্ষা কৰিছে৷ নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পূর্বে বিষয়টো বিবেচনা কৰিবলৈ বঞ্চিত শিক্ষকসকলে আহ্বান জনাইছে৷

You might also like