নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসাৰ অভাৱত কাগজ কলৰ কর্মচাৰীৰ মৃত্যু

৪৭ মাহ দৰমহা পোৱা নাছিল কর্কটত আক্রান্ত কাছাৰৰ ৰূপম নাথ মজুমদাৰে

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ পুনৰ পর্যাপ্ত চিকিৎসাৰ অভাৱত মৃত্যুক সাবটিলে বন্ধ হৈ থকা কাছাৰ কাগজ কলৰ এজন কর্মচাৰীয়ে৷ কাছাৰ আৰু জাগীৰোড কাগজ কল বন্ধ হৈ থকাত ধনৰ অভাৱত চিকিৎসা নোহোৱাকৈ মৃত্যু হোৱা কর্মচাৰী সংখ্যা ৮১জনলৈ বৃদ্ধি পালে৷ চিকিৎসা নোহোৱাকৈ কাছাৰ কাগজ কলৰ ৰূপম নাথ মজুমদাৰ (৫৬) নামৰ কর্মচাৰীজনৰ মৃত্যু হয়৷ তেওঁ দীর্ঘদিনৰ পৰাই কর্কট ৰোগত আক্রান্ত হৈ আছিল৷ ধনৰ অভাৱত পর্যাপ্ত চিকিৎসা পোৱা নাছিল কর্মচাৰীজনে৷ কাছাৰ কাগজ কলৰ কর্মচৰীয়ে ৪৯ মাহ দৰমহা পোৱা নাই৷ পানীত হাঁহ নচৰা পৰিস্থিতি হৈছে কর্মচাৰীসকলৰ৷ ৰূপম নাথ মজুমদাৰে ইলেক্ট্রিকেল টেকচিয়ান হিচাপে কর্মৰত আছিল৷ তেওঁৰ পৰিয়ালত পত্নী আৰু দুই সন্তান আছে৷ কাছাৰ কাগছ কলৰ কর্মচাৰীয়ে ৪৭ মাহ আৰু জাগীৰোড কাগজ কলৰ কর্মচাৰীয়ে ৪৯ মাহৰ দৰমহা পোৱা নাই৷ ইপিনে, জইণ্ট একচন কমিটী অৱ ৰিকগনাইজড ইউনিয়নৰ সভাপতি মানৱেন্দ্র চক্রৱর্তীয়ে কয় যে আজি কাছাৰ আৰু জাগীৰোড কাগজ কলৰ পুনৰুজ্জীৱিতকৰণক্ লৈ নেচনেল কোম্পানী ল ট্রিব্যুনেল (এনচিএলটি)ত শুনানি আছিল৷ তেওঁলোকৰ অধিবক্তাই এন চি এল টি, দিল্লীপীঠে আজিৰ শুনানি পিছুৱাই ১২ ফেব্রুৱাৰীত ধার্য কৰিছে বুলি জানিবলৈ দিয়ে৷

You might also like