নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইখন বিশ্বৰ আটাইতকৈ ব্যয়বহুল কাৰাগাৰঃ য’ত প্ৰতিজন বন্দীৰ ওপৰত ব্যয় হয় ৯৩ কোটি টকা

সাধাৰণতে, যেতিয়াই কাৰাগাৰৰ নামটো মনলৈ আহে তেতিয়াই বহুতো প্ৰশ্নৰ অৱতাৰণা হয়। যেনে, কয়দীসকলৰ নিৰাপত্তা, থকা-খোৱাৰ প্ৰণালী আদিসমূহ কি হ’ব, কেনে হ’ব? কিন্তু আপুনি জানি আচৰিত হ’ব যে কিউবাত এনে এখন কাৰাগাৰ আছে, য’ত এই সকলোবোৰ বিষয়ক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কিয়নো কেৱল এজন কয়দীৰ বাবদ এই কাৰাগাৰখনত ব্যয় কৰা হয় কোটি কোটি টকা। সেইবাবে এই কাৰাগাৰখন পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল কাৰাগাৰ বুলি গণ্য কৰা হয়।

এই কাৰাগাৰখনৰ নাম হৈছে ‘গোৱান্তানামো বে’ কাৰাগাৰ। এই বিশেষ কাৰাগাৰখন গোৱান্তানামো বেৰ উপকূলত অৱস্থিত বাবেই কাৰাগাৰখনৰ নামকৰণ সেই নামেৰে কৰা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাতৰি কাকত দ্যা নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি, এই কাৰাগাৰখনত বৰ্তমান ৪০ জন কয়দী আছে আৰু প্ৰতিজন কয়দীৰ ওপৰত বছৰি প্ৰায় ৯৩ কোটি টকা ব্যয় হয়। আপুনি জানি আচৰিত হ’ব যে, প্ৰায় ১৮০০ জন সৈনিক এই কাৰাগাৰত নিৰাপত্তাৰ দায়িত্বত আছে। ইয়াত এজনৰ কয়দীৰ বিপৰীতে প্ৰায় ৪৫ জন সৈনিকক নিযুক্তি দিয়া আছে। আনহাতে কাৰাগাৰৰ নিৰাপত্তাৰ দায়িত্বত সদায়ে সস্তম হৈ থকা সেইসকল সৈনিকৰ বাবদ প্ৰতি বছৰে প্ৰায় ৩৯০০ কোটি টকা ব্যয় কৰা হয়।

এতিয়া হয়টো আপুনি ভাবিব পাৰে যে এই কয়দীসকলক এই কাৰাগাৰত ৰখাৰ বাবে কিয় ইমান সুৰক্ষা দিয়া হয়, বা কিয় ইমান টকা ব্যয় কৰা হয় ?

ইয়াৰ কাৰণটো হৈছে এই কাৰাগাৰখনত থকা কয়দীসকল অতি দাগী অপৰাধী। যিসকল অতি বিপদজনক।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেখ মহম্মদো এইখন কাৰাগাৰতে আছে।

‘গোৱান্তানামো বে’ কাৰাগাৰখন

উল্লেখ্য যে এই কাৰাগাৰখনত আছে তিনিটা অট্টালিকা, দুটা গোপন মুখ্য কাৰ্যালয় আৰু তিনিখন চিকিৎসালয়। তদুপৰি, অধিবক্তাসকলৰ বাবে পৃথক পৃথকৈ কোঠা নিৰ্মাণ কৰা হৈছে, য’ত কয়দীসকলে তেওঁলোকৰ সৈতে কথা পাতিব পাৰে। ইপিনে আজীৱন কাৰাদণ্ডৰে দণ্ডিত ষ্টাফ কয়দীসকলৰ বাবে এই কাৰাগাৰৰ ভিতৰতে এটা গীৰ্জাঘৰ আৰু চিনেমা হলৰো ব্যৱস্থা কৰা হৈছে। আনহাতে আন কয়দীসকলৰ বাবে জিম আৰু প্লে ষ্টেচনো স্থাপন কৰা হৈছে।

মন কৰিবলগীয়া যে, প্ৰথমতে ‘গোৱান্তানামো বে’ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা নৌ সেনাৰ ঘাটি। কিন্তু পিছত ইয়াক ডিটেনশ্যন কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছিল।

 

(প্ৰণৱ জ্যোতি মহন্ত)

You might also like