নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ ২০টা দিন বাকী

জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ ২০টা দিন বাকী ৷ এমাহৰো অধিককাল ভকতসকলে দিনে-নিশাই কৰা পৰিশ্ৰমৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱশনস্থলী জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সম্পূৰ্ণ হ’ল বৃহৎ আটকধুনীয়া এক নামঘৰ৷

সম্পূৰ্ণ প্ৰাকৃতিক উপাদান খেৰ-বাঁহ, চোৱাগছৰ খুঁটা আদি ব্যৱহাৰ কৰি আকৰ্ষণীয়কৈ নিৰ্মাণ সম্পূৰ্ণ কৰা এই  নামঘৰভাগতেই প্ৰতিষ্ঠা কৰা হ’ব “গুৰু আসন” ৷ যাৰ বাবে নামঘৰ প্ৰাংগণ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰাৰ লগতে সমগ্ৰ অধিৱশনস্থলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ বৈকুণ্ঠপুৰীত পৰিণত হোৱা দেখা পোৱা গৈছে ৷

উল্লেখ্য যে অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা অধিৱেশন উপলক্ষে নিৰ্মাণৰত প্ৰতিটো কামৰেই দায়িত্বত থকা লোকসকলে যুদ্ধকালীন তৎপৰতাৰে নিজ নিজ দায়িত্ব পালনত ব্যস্ত হৈ পৰাও পৰিলক্ষিত হৈছে।

ডিজিটেল ডেস্ক, ১৬ জানুৱাৰী :

You might also like