নিউজ ডেস্ক, ১৬ জানুৱাৰী : ভাৰতীয় পাৰপত্রৰ মান শেহতীয়াকৈ যথেষ্ট উন্নতি হোৱাৰ তথ্য প্রকাশ পাইছে৷ বিশ্বৰ শক্তিশালী পাৰপত্রৰ তালিকাত দেখা গৈছে এই অগ্রগতি৷ যোৱা বছৰৰ তুলনাত একেবাৰে পাঁচ ঢাপ উন্নতি হয় ভাৰতীয় পাৰপত্রৰ৷ শেহতীয়াকৈ প্রকাশিত এখন তালিকাত এই তথ্য প্রকাশ পাইছে৷
সদ্যপ্রকাশিত হেনলি পাছপ’ৰ্ট ইণ্ডেক্স অনুযায়ী বর্তমান তালিকাৰ ৮০ নম্বৰত আছে ভাৰতীয় পাৰপত্র৷ সকলো মিলি ৫৫খন দেশত বিনা ভিছাই বা ভিছা অন এৰাইভেল সুবিধা লৈ যাব পাৰে ভাৰতীয় পাৰপত্রধাৰীসকলে৷ সম্প্রতি নতুনকৈ পাৰপত্রৰ ক্রম তালিকা প্রকাশ পাইছে হেনলি পাছপ’ৰ্ট ইণ্ডেক্সে৷ বিশ্বৰ কেইবাখনো দেশে নির্দিষ্ট একোখন ৰাষ্ট্রৰ পাৰপত্র ব্যৱহাৰ কৰি প্রৱেশাধিকাৰ লাভ কৰে৷ তাৰ ভিত্তিতে তৈয়াৰ কৰা হয় হেনলি পাছপ’ৰ্ট ইণ্ডেক্স৷ ভিছা নীতিত পৰিৱর্তন হ’লেই আপডেট কৰা হয় এই ইণ্ডেক্স৷ তাৰ ভিত্তিতে প্রকাশ কৰা হৈছে নতুন তালিকা৷
যোৱা ১৯ বছৰ ধৰি ২২৭খন দেশ আৰু অঞ্চলত অধ্যয়ন চলাই এই তালিকা প্রকাশ কৰা হয়৷ আন্তঃৰাষ্ট্রীয় স্তৰত গ্রাহ্য এই সংস্থাৰ সূচকত ভাৰতৰ পাৰপত্রৰ বৃহৎ উন্নতি হোৱা দেখুওৱা হৈছে৷ এই তালিকাতে এইবাৰ ৮০সংখ্যক স্থানত আছে ভাৰত৷ যোৱাবাৰ ভাৰতৰ স্থান আছিল ৮৫সংখ্যক৷ তাৰ আগৰ বছৰ আছিল ৮৭সংখ্যক স্থানত৷ সেই হিচাপে চাবলৈ গ’লে একেৰাহে দুই বছৰ এই পাছপ’ৰ্ট ইণ্ডেক্সত কিছু হ’লেও উন্নতি হোৱা দেখা গৈছে ভাৰতীয় পাৰপত্রৰ৷ এই পাৰপত্রৰ ক্রম তালিকাকে বহুতেই চৰকাৰৰ বিদেশ নীতিৰ সাফল্যৰ পৰিচায়ক হিচাপে গণ্য কৰে৷ নতুন তালিকাখনত দেখা গৈছে যোৱাবাৰৰ দৰে এইবাৰো তালিকাৰ শীর্ষত আছে ছিংগাপুৰ৷ দ্বিতীয় স্থানত জাপান আৰু দক্ষিণ কোৰিয়া৷ উল্লেখযোগ্য যে তালিকাৰ প্রথম ৫টা স্থানৰ ভিতৰত নাই আমেৰিকা৷