জয়ন্ত বৰাৰ পৰিয়াললৈ ৯ লাখ টকাৰ চেক, এটা ঘৰঃ আৰম্ভ হৈছে তদন্তৰ সাক্ষ্য গ্ৰহণ
- জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত মন্ত্ৰী যোগেন মহন-সাংসদ কামাখ্যা প্ৰসাদ তাছা
- স্বচ্ছ, নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী আছুৰ
নিয়মীয়া বাৰ্তা, ২২ জুনঃ আৰক্ষী আৰু সেনাবাহিনীৰ অত্যাচাৰত যোৰহাট জিলাৰ সীমান্তৱৰ্তী বালিজানৰ জয়ন্ত বৰাৰ মৃত্যু ঘটনাৰ আয়ুক্ত পৰ্যায়ৰ তদন্ত অব্যাহত থকাৰ সময়তে অসম চৰকাৰৰ হৈ আজি প্ৰয়াত জয়ন্তৰ শোক সন্তপ্ত পৰিয়ালবৰ্গৰ কাষত উপস্থিত হয় মন্ত্ৰী যোগেন মহন আৰু ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। অসম চৰকাৰৰ হৈ মন্ত্ৰী গৰাকীয়ে প্ৰয়াত জয়ন্ত বৰাৰ মাতৃ লীলা বৰাৰ হাতত ৬ লাখ টকাৰ এখন চেক প্ৰদান কৰে।
আনহাতে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ হৈ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে পৰিয়ালটোক ৩ লাখ টকাৰ এখন চেক প্ৰদান কৰে। ইয়াৰোপৰি ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে দুৰ্ভগীয়া পৰিয়ালটোক এটি ”ঠেঙাল কুটীৰ’ নিৰ্মাণ কৰি দিয়াৰ কথা ঘোষণা কৰে। ইপিনে মন্ত্ৰী যোগেন মহনে জয়ন্ত বৰাৰ মৃত্যু ঘটনাৰ তদন্ত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়া অনুসৰি ক্ষীপ্ৰ আৰু নিকাভাৱে হ’ব বুলি উল্লেখ কৰে। উল্লেখ্য যে আজিৰ পৰা তদন্তকাৰী বিষয়া তথা আয়ুক্ত ললিত গগৈৰ উপস্থিতত বৰহোলাৰ গড়কাপ্টানী বিভাগৰ পৰিদৰ্শন বাংলাত তিনিদিনলৈ আৰম্ভ হৈছে জয়ন্ত বৰাৰ মৃত্যুৰ তদন্তৰ সাক্ষ্য গ্ৰহণ। সাক্ষ্য গ্ৰহণস্থলীত বহু সংখ্যক স্থানীয় ৰাইজৰ লগতে বৰহোলা আঞ্চলিক ছাত্র সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে ধৰি কেইবাটাও দল সংগঠনৰ কৰ্মী উপস্থিত আছিল।
জয়ন্তৰ হত্যাকাণ্ডৰ সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰি আজি আছুৰ তিতাবৰ মহকুমা সমিতিৰ সভাপতি মাধুৰ্য পাঠকে সংবাদ মাধ্যমৰ আগত কয় যে কোনো ধৰণৰ হত্যা হিংসা আছুৱে কেতিয়াও গ্ৰহণ নকৰে। জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ এক স্বচ্ছ, নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্ত হওক। পৰিয়ালবৰ্গক কেইলাখ মান টকা আৰু এটা ঘৰ দি চৰকাৰে দায়িত্ব সামৰিলেই নহ’ব। অতি কম দিনৰ ভিতৰত জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ লগত জড়িত প্ৰত্যেকজন দোষীয়ে উচিত শাস্তি পাব লাগিব। আনহাতে আগন্তক দিনতো যাতে বিনা কাৰণৰ কোনো তেজাল অসমীয়া যুৱক এনেদৰে মৃত্যু হ’ব লগা নহয় শীঘ্ৰে তাৰ ব্যৱস্থা কৰিবলৈয়ো গৃহ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক জোৰদাৰ দাবী জনায় সভাপতিগৰাকীয়ে।