নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাহৰি পালন কৰি সমাজৰ ৰোষত এটা পৰিয়াল, এবছৰ ধৰি এলাগী

সংকীৰ্ণতা আৰু জাত-পাতৰ ভেদাভেদৰ পৰা মুক্ত এখন সমাজ গঢ়াৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে এখন সমাজ গঢ়াত গুৰুত্ব দিছিল। কিন্তু গুৰুজনাৰ সেই আদৰ্শ যেন আজি সুদুৰপৰাহত।

গুৰুজনাৰ নাম লৈ নিজকে গুৰুজনাৰ আদৰ্শত গঠন হোৱা বুলি দাবী কৰা অনুষ্ঠানৰ কেতবোৰ কাম কাজৰ বাবেই আজি বিতৰ্কৰ মাজত সোমাই পৰিছে মহাপুৰুষ গুৰুজনাৰ নামটি।  শেহতীয়াকৈ শ্ৰী মন্ত শংকৰদেৱ সংঘৰ কিছু সংখ্যক কাম কাজৰ বাবে মাজে মাজে এনে বিতৰ্কৰ সৃষ্টি হৈ আহিছে।এইবাৰ বিতৰ্কৰ পটভুমি দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ নগাঁও-হাতীমাৰা।

গাহৰি পালন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা প্ৰাথমিক শাখাৰ ৰোষত পৰিছে উক্ত অঞ্চলৰ এটা পৰিয়াল। আনকি গাহৰি পালন কৰাৰ বাবেই বিগত প্ৰায় এবছৰ ধৰি নগাঁও হাতী মাৰাৰ  পৰিয়ালটোক একাষৰীয়া কৰি ৰাখিছে ছিপাঝাৰৰ হাতীমাৰা-নগাৱৰ শশীন্দ্ৰ কলিতাৰ পৰিয়ালটো।

এবছৰ ধৰি শংকৰদেৱ সংঘৰ অচ্যুতানন্দ প্ৰাথমিক শাখাই উক্ত পৰিয়ালটোক সমাজৰ পৰা আতৰাই ৰখাৰ লগতে উক্ত পৰিয়ালটোৰ গৃহত কোনো অনুষ্ঠান আদিও কৰাৰ পৰা বিৰত আছে। পোনপটীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অচ্যুতানন্দ প্ৰাথমিক শাখাই উক্ত পৰিয়ালটোক এঘৰীয়া কৰি ৰাখিছে।

উল্লেখ্য যে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ‌‌ সংগী  শ্ৰী শ্ৰী গোবিন্দ আতা আঞ্চলিকৰ প্ৰাক্তন সভাপতি তথা অচ্যুতানন্দ প্ৰাথমিক শাখাৰ উপদেষ্টা শশীন্দ্ৰ কলিতাৰ উচ্চ শিক্ষিত পুত্ৰ ৰিণ্টু কলিতাই জীৱিকাৰ বাবে  গাহৰি পালনৰ উপৰিও ঘৰতে মৌ, হাঁহ আৰু গৰু পালনো কৰি আহিছে আৰু শ্ৰী মন্ত শংকৰদেৱ সংঘৰ মতে গাহৰি পালন হেনো পৰিপন্থী।

ইফালে এই সন্দৰ্ভত উক্ত পৰিয়ালটোক কোনো লিখিত প্ৰস্তাৱ নিদিলেও এটা বছৰ ধৰি প্ৰাথমিক গোটটোৱে কোনো ব্যক্তিগত আৰু সামাজিক কাম কাজত সহযোগ কৰা নাই পৰিয়ালটোক।

অৱশ্যে পৰিয়ালটোক লিখিত প্ৰস্তাৱ নিদিলেও প্ৰাথমিক শাখাটোৱে এই সন্দৰ্ভত লিখিত ভাবে গ্ৰহণ কৰিছে প্ৰস্তাৱ। বিগত বৰ্ষৰ ৯ এপ্ৰিলতে প্ৰাথমিক শাখাৰ কাৰ্যনিৰ্বাহক সভাত গৃহীত কৰা তিনিটা প্ৰস্তাৱৰ দুটাই আছিল এই বিষয় সম্বন্ধীয়।

উক্ত বৈঠকৰ দ্বিতীয় প্ৰস্তাৱ মৰ্মে প্ৰাথমিক শাখাৰ সংগীৰ গৃহত গাহৰি,মূৰ্গী পালন কৰা হয় তেতিয়া সেই সংগী গৃহত প্ৰাথমিক শাখাই কোনো অনুষ্ঠান কৰা নোহোৱাৰ প্ৰস্তাৱ লোৱাৰ লগতে তৃতীয় প্ৰস্তাৱত শশীন্দ্ৰ কলিতাৰ বাসগৃহত গাহৰি পালন কৰা অভিযোগত সংগৰ পৰা আতৰত ৰখা আৰু তেওঁৰ গৃহত কোনো অনুষ্ঠান কৰা নহয় বুলি সিদ্ধান্ত লোৱা হয়।

বিগত এবছৰ ধৰি পৰিয়ালটোৱে এই সন্দৰ্ভত আঞ্চলিক সমিতি আৰু জিলা সমিতিক অৱগত কৰাৰ পিছতো ন্যায় লাভ নকৰাত সামাজিকভাবে সমস্যাত পৰি আহিছে। অৱশ্যে পৰিয়ালটোৱে বিষয়টো ৰাজহুৱা কৰা নাছিল যদিও শেহতীয়াকৈ এই বিষয়টো পোহৰলৈ আহিছে।

স্বাভাৱিকতে গুৰুজনাই কৰ্মৰ ওপৰত প্ৰাধান্য দিয়াৰ পিছতো এনেদৰে পশুপালনেৰে স্বনিৰ্ভৰশীল হোৱা এটা পৰিয়াল গুৰুজনাৰ আদৰ্শৰ এটা অনুষ্ঠানৰেই ৰোষত পৰাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

উল্লেখ্য যে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ মজিয়াত এনেধৰণৰ বিতৰ্ক এয়াই প্ৰথম নহয় তেনে ক্ষেত্ৰত প্ৰতিক্ৰিয়া সৃষ্টি কৰা এনেবোৰ বিষয় কেন্দ্ৰীয় সমিতিয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰো দাবী উঠিছে।

নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ৩০ এপ্ৰিল

You might also like