নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিংখাঙত অঘটন : উন্মুক্ত গাঁতত পৰি প্ৰাণ হেৰুৱালে তিনি সন্তানৰ পিতৃয়ে

🔹 ঠিকাদাৰৰ গাফিলতিৰ অভিযোগ ক্ষুব্ধ ৰাইজৰ
নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ :  মুখ্যমন্ত্ৰী, প্ৰশাসনৰ কাঢ়া নিৰ্দেশনাকো ভেঙুচালি কৰি একাংশ ঠিকাদাৰ, পথ নিৰ্মাণ কোম্পানীৰ মইমতালিত আকৌ এজন লোকে প্ৰাণ হেৰুৱাব লগা হয়। এইবাৰ এই ঘটনা সংঘটিত হৈছে টিংখাঙত। নামৰূপৰ পৰা টিংখাঙৰ মাজেৰে নিৰ্মীয়মাণ অৱস্থাত থকা ঐতিহাসিক মাহমৰা আলিৰ টিংখাঙৰ বগাদাত চাৰিআলিৰ সমীপত কালভাৰ্ট নিৰ্মাণৰ বাবে পথটোৰ আধাতকৈ বেছি অংশ খান্দি উন্মুক্তভাৱে থোৱাৰ বাবেই লোকজনৰ মৃত্যু হয়। মৃত লোকজন টিংখাঙৰ দিল্লীবাৰী বৰলাইনৰ ৰাজেশ ওৰাং । বৃন্দাবন প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ পথ নিৰ্মাণ কোম্পানীটোৰ অধীনত নিৰ্মাণ হৈ থকা পথত ঠিকাদাৰৰ গাফিলতিৰ বাবেই তিনি সন্তানক এৰি এজন লোকে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে । দেওবাৰে নিচেই পুৱাই লোকজনে এখন চাইকেলেৰে আহি থকা অৱস্থাত উক্ত কালভাৰ্টটোৰ নিৰ্মাণ কৰিবলৈ খন্দা গাঁতটোত পৰি মৃত্যুমুখত পৰে। এতিয়া প্ৰশ্ন হয়, আচলতে কাৰ ভুলৰ বাবে লোকজন মৃত্যুমুখত পৰিব লগা হ’ল?  ইয়াৰ উচিত তদন্ত হ’বনে ? ন্যায় পাবনে দুৰ্ভগীয়া পৰিয়ালটোৱে ? এনেবোৰ প্ৰশ্নই এতিয়া স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্ৰেৰক কৃষ্ণ গগৈ
You might also like