নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত ট্ৰেক্টৰৰ খুন্দাত আহত পঞ্চম শ্ৰেণীৰ ছাত্ৰ

🔹 মন্দিয়া বজাৰত উত্তেজিত জনতাৰ পথ অৱৰোধ 

নিয়মীয়া বাৰ্তা, ১১ মে’ : বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ এলেকাধীন মন্দিয়া বজাৰৰ সমীপৰ  মন্দিয়া ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উল্লেখযোগ্য যে মন্দিয়া বজাৰ অভিমুখে আহি থকা এখন বালিভৰ্তি তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় মন্দিয়া আদৰ্শ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ তথা আগমন্দিয়া গাঁও নিৱাসী শ্বহিদুল ইছলামৰ পুত্ৰ ছাজিদ ইছলাম (১১)। পুৱাৰ ভাগত ছাত্ৰজনে চাইকেলেৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতেই ক্ষুব্ধ জনতাই বালিভৰ্তি ট্ৰেক্টৰখনৰ ক্ষতিসাধন কৰে। লগতে বাঁহ বান্ধি উত্তেজিত জনতাই অৱৰোধ কৰে মন্দিয়া-বাঘবৰ সংযোগী মন্দিয়া বজাৰৰ মূল পথটি। পথ বন্ধ কৰি প্ৰতিবাদী জনতাই আৰক্ষী-প্ৰশাসনৰ বিৰুদ্ধে দিয়ে বিভিন্ন শ্লোগান। অৱশ্যে ৰাইজৰ প্ৰতিবাদত কিছু সময় ব্যাহত হয় যাতায়াত ব্যৱস্থা। পৰৱৰ্তী সময়ত মন্দিয়া আৰক্ষীৰ বুজনিত ৰাইজে পথটি মুকলি কৰি দিয়ে । প্ৰশাসনৰ নিষেধাজ্ঞা অৱজ্ঞা কৰি স্কুল চলি থকা সময়ত অতি ব্যস্ত মন্দিয়া বজাৰ পথৰ  মাজমজিয়াৰে দৈনিক  ডাম্পাৰ-ট্ৰেক্টৰৰ লগতে চলিছে অন্যান্য সকলো মালবাহী গধুৰ বাহন। মন্দিয়াত ডাম্পাৰ-ট্ৰেক্টৰৰ একাংশ উদণ্ড চালকৰ অতপালিত এতিয়া আতংকিত হৈ পৰিছে পথচাৰীৰ লগতে  শ শ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী। প্ৰশাসনৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰা উদণ্ড চালকক নাকী লগাবলৈ আহ্বান জনাইছে ৰাইজে। সমান্তৰালকৈ এটা নিৰ্দিষ্ট সময়তহে মন্দিয়া বজাৰৰ মাজেদি উক্ত বাহনসমূহ চলাচল কৰাৰ অনুমতি দিব লাগে বুলি ৰাইজে প্ৰশাসনক অনুৰোধ জনায়। ইফালে, মন্দিয়া ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ইতিপূৰ্বেও কেইবাটাও সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে পথছোৱাৰ মাজত পথৰ গতিৰোধকৰ ব্যৱস্থা কৰিবলৈও বিভাগীয় লোকক আহ্বান জনায়। আনহাতে, মন্দিয়া বজাৰৰ চাৰিওফালে পথৰ দুয়োকাষে জধে-মধে ই-ৰিক্সা পাৰ্কিং কৰি ৰখাত মন্দিয়া বজাৰত প্ৰতিদিনেই উদ্ভৱ  হয় অসহনীয় যান-জঁট। সেয়ে এইক্ষেত্ৰত আৰক্ষীক ব্যৱস্থা লোৱাৰো আহ্বান জনায় অতিষ্ঠ ৰাইজে। জিলা প্ৰশাসন তথা আৰক্ষীয়ে পৰৱৰ্তী সময়ত দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ হুংকাৰ দিয়ে ৰাইজে ।

 

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like