নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণী বাগদত্তাৰ মূৰ কাটি লগত লৈ পলাল প্রেমিক

🔹 কইনাপক্ষই বিয়া পিছুওৱাৰ পিছতে প্রতিশোধ

বিশেষ বাৰ্তা, ১১ মে’ : তৰুণী বাগদত্তাৰ মূৰ কাটি হত্যা কৰিলে প্রেমিকে৷ এই নৃশংস ঘটনাৰ সাক্ষী হ’ল কর্ণাটক৷ ৰাজ্যখনৰ মেডিকেৰীৰ বাসিন্দা আছিল নিহত এই ১৬ বছৰীয়া তৰুণী৷ অভিযোগ অনুসৰি, এই তৰুণীৰ মূৰ কাটি লগত লৈ পলায় যায় অভিযুক্ত৷ অভিযোগ অনুসৰি, ৩২ বছৰীয়া প্রকাশৰ সৈতে বিবাহ ঠিক হৈছিল মীনা নাম্মী নামৰ তৰুণীজনীৰ৷ পৰহি দশম শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ হৈছিল মীনা৷ পৰহিয়েই দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল৷ কিন্তু এই খবৰ শিশু কল্যাণ দপ্তৰে লাভ কৰে৷ শিশু কল্যাণ দপ্তৰৰ বিষয়াই আহি কইনাৰ ঘৰত জনায় যে এই বিয়া হ’ব নোৱাৰে৷ অন্যথা পকছো আইন আৰু শিশু বিবাহ আইনৰ অধীনত গোচৰ ৰুজু কৰা হ’ব৷ মীনাৰ অভিভাৱকসকলে প্রকাশক জনাই দিয়ে যে তেওঁলোকে সিদ্ধান্ত সলনি কৰিছে৷ কন্যাৰ বয়স ১৮ বছৰ হ’লেহে তেওঁলোকে বিয়া দিব৷ ইয়াৰ কিছু সময় পিছতে মীনাৰ ঘৰত চোকা অস্ত্র লৈ হাজিৰ হয় প্রকাশ৷ মীনাৰ পিতৃক লথিয়াই মাটিত পেলাই দিয়াৰ পিছত মীনাৰ মূৰ কাটি লগত লৈ যায় অভিযুক্ত প্রকাশে৷

You might also like