নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান, এজনক আটক

ডিজিটেল ডেস্ক, ৭ জুলাই : হাটশিঙিমাৰীত আৰক্ষীয়ে এক ড্ৰাগছবিৰোধী অভিযান চলায়। আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক হয় এজন সৰবৰাহকাৰী।

হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত হাটশিঙিমাৰীত ড্ৰাগছবিৰোধী অভিযান চলায়। আৰক্ষীৰ অভিযানত কোকৰাডাঙা গাঁৱৰ তৈয়ব আলীৰ পুত্ৰ মনোৱাৰ হুছেইনক ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে আটকাধীন সৰবৰাহকাৰীটোৰ পৰা ৬০০টা মাৰাত্মক নিচাজাতীয় কেপচুল জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি আৰক্ষীয়ে আটকাধীন সৰবৰাহকাৰীটোক খাৰুৱাবান্ধা আৰক্ষী চকীলৈ নি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।

You might also like