ডিজিটেল ডেস্ক, ৯ জুন : হোজাইৰ যমুনামুখৰ বিন্নাকান্দিত আজি পুৱা সংঘটিত হয় এক জঘন্য ঘটনা। ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত দা, লাঠী লৈ প্ৰচণ্ড মাৰপিট লাগে। এই মাৰপিটৰ ফলত থিতাতে এজন নিহত হোৱাৰ লগতে সাতজন গুৰুতৰভাৱে আহত হয়। নিহত লোকজনৰ নাম কুতুব উদ্দিন। আহতসকল হ’ল ক্ৰমে ছুজাৰণ নেছা, মহিবুৰ ৰহমান, ৰিয়াজুদ্দিন, লুটফুৰ ৰহমান, শফিক উদ্দিন আৰু হবিবুৰ ৰহমান।
আটাইকেইজনকে স্থানীয় ৰাইজে ততাতৈয়াকৈ যমুনামুখ প্ৰাথমিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে কুতুব উদ্দিনক মৃত বুলি ঘোষণা কৰে। আহতসকলক সংকটজনক অৱস্থাত ততাতৈয়াকৈ নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত যমুনামুখ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এডোখৰ ভূমিক লৈ দুই ফৈদৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল সংঘাত।