নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত চিকিৎসালয়ৰ কোৱাৰেণ্টাইনৰ পৰা পলায়ন এজনৰ

নিয়মীয়া বাৰ্তা, ৬ মে’ : গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইনত থকা এজন লোকে বুধবাৰে পলায়ন কৰে।

পলায়ন কৰা লোকজন পশ্চিম বংগৰ মুকুল মিত্ৰ বুলি জানিব পৰা গৈছে ।

ক’ৰোনাৰ সন্দেহত বোকাখাটৰ পৰা ১ মে’ত গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল মিত্ৰক । ৩ মে’ৰ ক’ৰোনা টেষ্টত নিগেটিভ আহিছিল পলায়ন কৰা লোকজনৰ।

মঙলবাৰে নিশা কোৱাৰেণ্টাইন ৰূমৰ পৰা খিৰিকীৰে পলায়ন কৰা বুলি অনুমান কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।

উল্লেখ্য যে কোৱাৰেণ্টাইন ৰূমত একমাত্ৰ লোক আছিল মুকুল মিত্ৰ। মুকুল মিত্ৰৰ পলায়নক কেন্দ্ৰ কৰি অধিক চিন্তিত হৈ পৰিছে চিকিৎসালয়খনৰ কতৃপক্ষ।

ইফালে চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে পলায়ন কৰা লোকজন মানসিকভাৱে কিছু সুস্থিৰ নাছিল ।

ইতিমধ্য়ে আৰক্ষীয়ে লোকজনক বিচাৰি অভিযান আৰম্ভ কৰিছে ।

You might also like