নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাৰ নয়াহাটত পিষ্টলসহ এজনক আটক

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা যেন এতিয়া দুৰ্বৃত্তৰ ৰম্যভূমিলৈ পৰিণত হৈছে। বিগত দিনত আৰক্ষীয়ে অভিযান চলাই পিষ্টলসহ যুবককে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে আজি আকৌ এজন যুৱকক পিষ্টলসহ আটক কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী সুত্ৰে জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ৰজত প’লৰ নেতৃত্বত বিলাসীপাৰা, নয়াহাট আৰু সাপটগ্ৰাম আৰক্ষীয়ে ঢেমঢেমা গাঁৱত এক অভিযান চলায়। অভিযানটোত কুখ্যাত দুৰ্ধৰ্ষ দুৰ্বৃত্ত হাফিজ উদ্দিন সেখ(৪২)ক জালত পেলাবলৈ সক্ষম হয়। দুৰ্বৃত্তজনৰ পৰা আৰক্ষীয়ে ৭’৬৫ এম, এম, পিষ্টল আৰু পাঁচ জাই সজীৱ গুলী জব্দ কৰে। অকল এয়াই নহয়, দুৰ্বৃত্তজনে ব্যৱহাৰ কৰা ও, এচ ১৬ ডি/৯১৩৮ নম্বৰৰ চেন্ট্ৰো জিংক বাহন আৰু এটা মোবাইল ফোন জব্দ কৰে। আৰক্ষীৰ জালত পৰা দুৰ্ধৰ্ষ দুৰ্বৃত্ত হাফিজ উদ্দিন সেখৰ ঘৰ বিটিআৰৰ ফকিৰাগ্ৰামত বুলি জানিব পৰা গৈছে। সম্প্ৰতি দুৰ্বৃত্তৰ গেঙত জড়িত আন কেইবা জনো সদস্যক বিচাৰি আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। ইফালে নিৰ্বাচনৰ প্ৰাকমহুৰ্তত এইদৰে পিষ্টল উদ্ধাৰ হোৱা আৰু গেঙটোৰ লক্ষ্য, উদ্দেশ্য কি? এনে এশ এবুৰি প্ৰশ্ন সচেতন মহলে উত্থাপন কৰাৰ লগতে এই গেংটোক অনতিবিলম্বে উৎক্ষাত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like