ডিজিটেল ডেস্ক, ২৪ মাৰ্চ : ৰহাৰ হাৰিয়াপাৰ হগলতলিত উদ্ধাৰ হয় এটা মৃতদেহ। মৃতদেহটো উদ্ধাৰৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃতদেহটো মোবাৰক আলীৰ বুলি চিনাক্ত কৰা হৈছে। নিজ ঘৰৰ চৌহদতে উদ্ধাৰ হয় মোবাৰক আলী নামৰ লোকজনৰ মৃতদেহ। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে।
ঘটনাৰ বিৱৰণী মতে, ককায়েকৰ সৈতে সামান্য কথাতে মোবাৰকৰ কাজিয়াৰ সূত্ৰপাত হৈছিল। ঘটনাৰ পিছত যুৱকজনে ঘৰৰ পৰা ওলাই গৈ বহু সময় যুৱকজন ঘৰলৈ উভতি নহাত মাকে ফোন কৰে যদিও কোনো সঁহাৰি নাপায়। পিছত পুৱা ঘৰৰ পাছফালে উদ্ধাৰ কৰে মোবাৰকৰ মৃতদেহ ৷
ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।