পথ দুর্ঘটনাৰ সজাগতা সন্দৰ্ভত বৰপেটাত সংবাদ মেল GNRC হাস্পতালৰ
উত্তৰ-পূর্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান জি এন আৰ চি হাস্পতালৰ উদ্যোগত ডিচেম্বৰ মাহটো দুর্ঘটনা সজাগতা আৰু প্রতিৰোধ মাহ হিচাপে পালন কৰা হৈছে। এই সজাগতা অভিযানৰ অংশ হিচাপে দূৰ্ঘটনা প্ৰতিৰোধ আৰু দূৰ্ঘটনা সংঘটিত হোৱাৰ পিচত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে আজি জি এন আৰ চি হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে বৰপেটা প্রেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে।
হস্পিতালখনৰ হৈ স্নায়ুশল্য বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ অমৃত কুমাৰ শইকীয়া, জেনেৰেল ছার্জন ডাঃ নিপাংক গোস্বামী আৰু এম্বুলেঞ্চ সেৱাৰ মুৰব্বী বছিদুল ইছলামে সংবাদ মেলত উপস্থিত সাংবাদিক সকলক সম্বোধি দুর্ঘটনাৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য দাঙি ধৰে। সংবাদমেলত চিকিৎসক দুগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতবৰ্ষত পথ দুর্ঘটনাত প্রতি ১.৯ মিনিটত এজন লোকৰ মৃত্যু হয়। ২০১০ ৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতত পথ দূর্ঘটনাৰ ফলত হোৱা মৃত্যুৰ হাৰ প্ৰায় ১৮ শতাংশ বৃদ্ধি পোৱাৰ তথ্যও তেওঁলোকে প্ৰকাশ কৰে।
আনকি বিগত তিনি দশকত অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলৰ ৯৩,০০০ ৰো অধিক দুর্ঘটনাগ্রস্ত ৰোগীক অকল জি এন আৰ চি হস্পিতালতে চিকিৎসা প্রদান কৰা হৈছে বুলিও তেওঁলোকে প্ৰকাশ কৰে। ইয়াৰ ভিতৰত প্রায় ৪,৫০০ জন ব্যক্তি বৰপেটা জিলাৰ আছিল। এই পৰিসংখ্যাই জিলাখনত দুর্ঘটনাজনিত আঘাতৰ বর্ধিত গুৰুত্বক প্রতিফলিত কৰে।
ডাঃ অমৃত কুমাৰ শইকীয়াই কয়, “পথ দুৰ্ঘটনাৰ ফলত হোৱা মূৰ আৰু মেৰুদণ্ডৰ আঘাত আমাৰ সমাজৰ আটাইতকৈ নীৰৱ হত্যাকাৰী। প্রতিবছৰে ভাৰতৰ ১.৫ লাখতকৈও অধিক আঘাত জনিত মগজুৰ আঘাতৰ এক অংশ দুচকীয়া বাহনৰ দুর্ঘটনাৰ বাবে হয়। হেলমেট আৰু চিটবেল্ট পৰিধান কৰি আৰু গাড়ী চলোৱাৰ সময়ত সুৰাপান পৰিহাৰ কৰি বহু দুর্ঘটনাৰ পৰা হাত সাৰি থাকিব পাৰি।
তদুপৰি দুর্ঘটনাগ্রস্ত ব্যক্তি এজনক সময়মতে চিকিৎসালয়লৈ নিব পাৰিলে প্রাণ ৰক্ষাৰ সম্ভাৱনা বাঢ়ি যায়। আন বিভিন্ন কাৰণতো এজন লোক দুর্ঘটনাগ্রস্ত হ’ব পাৰে আৰু শুনাত বিশ্বাসযোগ্য নহ’লেও এই কাৰণ সমূহতো বহু লোক দুর্ঘটনাগ্রস্ত হৈ মৃত্যুক সাৱটি লয় বা অক্ষম হৈ পৰে- বয়সস্থ লোক আৰু শিশু ঘৰৰ মজিয়াত পিছলি পৰা, বাথৰুমত পিছলি পৰা, ছিৰিত পৰি যোৱা; অসুৰক্ষিত কর্মস্থলী যেনে-নির্মাণৰত ঘৰ বা বিল্ডিং, কাজিয়া-পেছাল, শাৰীৰিক আঘাত, কৃষি-কর্মত পোৱা আঘাত ইত্যাদি।”
ডাঃ নিপাংক গোস্বামীয়ে কয়, যে “দুর্ঘটনাৰ ফলত বাহিৰৰ পৰা নেদেখাকৈও বিভিন্ন গুৰুতৰ আভ্যন্তৰীণ আঘাত হ’ব পাৰে। অধিক প্রভাৱ পৰা দুর্ঘটনাসমূহে বৃক্ক আৰু প্রস্রাৱতন্ত্রব দবে অংগসমূহৰ ক্ষতি কৰিব পাবে। সময়মতে ৰোগ নির্ণয় আৰু চিকিৎসা অবিহনে, এই আঘাতবোৰে জীৱনজোৰা জটিলতাৰ সৃষ্টি কৰিব পাৰে।”
এই অনুষ্ঠানতে বছিদুল ইছলামে কার্ডিঅ’পালম’নাৰী বিছাচিটেশ্যন (চি. পি. আৰ.) প্রদর্শন কৰে আৰু কেনেদৰে সময়োপযোগী ব্যৱস্থাই জীৱন আৰু মৃত্যুৰ মাজত পার্থক্য আনিব পাৰে সেই বিষয়ে বর্ণনা কৰে। সংবাদমেলত মুলতঃ দূৰ্ঘটনাৰ পৰা জীৱন ৰক্ষাৰ বাবে আৰু দূৰ্ঘটনাৰ সংখ্যা হ্ৰাসৰ বাবে চালক সকল সজাগ হব লাগিব। বিশেষকৈ পথ নিৰ্দেশনা আৰু যান বাহন আইন মানি চলিলে দূৰ্ঘটনাৰ সংখ্যা কমাব পাৰি বুলিও চিকিৎসক কেইজনে উল্লেখ কৰে ।
বাৰ্তা ব্যুৰো, বৰপেটা, ২৪ ডিচেম্বৰ