নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলঙৰ অভাৱত জীয়াতু ভুগিছে ৰাইজে, শীঘ্ৰে নিৰ্মাণৰ দাবী

টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত ৰাইজৰ। যুগ যুগ ধৰি এখন টুলুঙা নাৱেৰে জলজলী নৈ পাৰাপাৰ হৈছে ছমৰীয়া সমষ্টিৰ বৃহত্তৰ টুপামাৰী- মন্দিৰা এন চি অঞ্চলৰ ৰাইজে।

মন্দিৰা এন চি টুপামাৰী সংযোগী পথৰ জলজলী নৈত আজিও নিৰ্মান নহল এখন পকী দলং। যাৰ বাবে নিতৌ অতি বিপদসংকুল ভাৱে সৰু হাত নাও এখনেৰে নৈ পাৰাপাৰ হয় অঞ্চলবাসী।

বাৰিষা কালত অধিক ভয়াৱহ হৈ পৰে অঞ্চলটোৰ যাতায়াত ব্যবস্থা। ভৰা নৈত হাত নাওখনেৰেই কৰিব লগা হয় যাতায়াত। জৰুৰীকালীন অৱস্থাত চকুৰে বাট নেদেখা হয় নৈপৰীয়া অঞ্চলবাসী গঞাই।

শীঘ্ৰেই উক্ত স্থানত এখন পকী দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰাইজে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৪ ডিচেম্বৰ

You might also like